NEWS8 NE

সুৰা সৰবৰাহকাৰীৰ অভিনৱ কৌশল দেখি হতবাক আনন্দ মহিন্দ্ৰা! ক’লে এই কথা…

চােৰাং সুৰা সৰবৰাহকৰীৰ কৌশল দেখি প্ৰতিক্ৰিয়া আনন্দ মহিন্দ্ৰাৰ

নিউজ ডেস্ক। অবৈধ ব্যৱসায় বা সামগ্ৰী সৰবৰাহ ৰোধৰ বাবে আৰক্ষী তথা তদাৰকী দলে যিমান কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে সিমানেই যেন সৰবৰাহৰ কৌশল সলনি কৰিছে সৰবৰাহকাৰীয়ে।

এইবাৰ সৰবৰাহকাৰীয়ে সুৰা সৰবৰাহৰ বাবে প্ৰয়োগ কৰিলে এক অভিনৱ কৌশল। যিটো দেখিলে আপুনিও আচৰিত হ’ব।

তেনে এক দৃশ্য টুইটাৰত শ্বেয়াৰ কৰিলে দেশৰ আগশাৰীৰ ব্যৱসায়ী তথা প্ৰতিষ্ঠিত বাহন নিৰ্মাতা কােম্পানী মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ মুৰব্বী আনন্দ মহিন্দ্ৰাই আৰু সেই দৃশ্য ভাইৰেল হৈ পৰিছে ব্যাপকভাৱে।

দৃশ্যটোত দেখা অনুসৰি, এখন মিনি ট্ৰাকৰ সামগ্ৰী কঢ়িওৱা অংশৰ তলত সৰবৰাহকাৰীয়ে নিৰ্মাণ কৰি লৈছে এক বিশেষ গোপন কেবিন য’ত অবৈধ সামগ্ৰী সামগ্ৰী কঢ়িয়াব পাৰে।

গাড়ীৰ নম্বৰ প্লেটৰ নট দুটাৰে ওপৰৰ অংশ আৰু তলৰ অংশ ধৰি ৰাখিছে, যাতে গোপন কেবিনটো ওলাই আহিব নোৱাৰে। অৰ্থাৎ নম্বৰ প্লেটৰ নট দুটা খুলিলেহে গোপন কেবিনটো খুলিব পৰা যাব।

আৰক্ষীয়ে যেতিয়া নম্বৰ প্লেটখন খুলি সেই গোপন কেবিনটো টানি উলিয়াই আনে তেতিয়া সেই কেবিনত বৃহৎ পৰিমাণৰ সুৰা দেখা পোৱা গৈছে।

উল্লেখ্য যে গাড়ীখনৰ নম্বৰ প্লেটখন গুজৰাটৰ পঞ্জীয়নভুক্ত আছিল। তাৰপৰাই অনুমান কৰিব পাৰি যে এইয়া গুজৰাটৰে দৃশ্য হ’ব।

গতিকে খালী গাড়ী গলেও ভাবিব নালাগে যে সেইখনত কোনো সামগ্ৰী যোৱা নাই। আৰক্ষীৰ চকুত ধূলি দিবলৈ সৰবৰাহকাৰীয়ে প্ৰয়োগ কৰিব পাৰে ন ন কৌশল।

আনন্দ মহিন্দ্ৰাই টুইটাৰত কেপচন লিখিছে- “Diabolically Clever! পে’ ল’ড শব্দক নতুন অৰ্থ প্ৰদান কৰিলে এই ঘটনাই। অৱশ্যে এই নতুন কৌশলৰ সৈতে আমাৰ প্ৰতিষ্ঠানৰ গৱেষণা উৎপাদন কেন্দ্ৰৰ কােনাে সম্পৰ্ক নাই।”

উল্লেখ্য যে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা জনাই গুজৰাটত সুৰাৰ উৎপাদন আৰু বিক্ৰীৰ ক্ষেত্ৰত ১৯৬੦ ইং চনৰ পৰাই নিষেধাজ্ঞা আৰােপ কৰা হৈছিল।

লগতে চাওকঃ

দুখীয়াৰ ভগৱান চনু সুদলৈ ব্যক্তিগত খণ্ডৰ বিমান কােম্পানীৰ ব্যতিক্ৰমী কৃতজ্ঞতা জ্ঞাপন!

আজব ঘটনা! প্ৰকৃত গৰাকীক চিনাক্ত কৰিবলৈ সম্পন্ন হ’ল পােহনীয়া কুকুৰৰ DNA পৰীক্ষা

সঞ্জনা গণেশনৰ সৈতে বিবাহপাশত আবদ্ধ বুমৰাহ, শ্বেয়াৰ কৰিলে ফটাে

ৰক্ষকেই ভক্ষক! থানাৰ লক আপৰ পৰা ৮ লক্ষাধিক টকা চুৰি কৰি গ্ৰেপ্তাৰ হ’ল দুই আৰক্ষী

Exit mobile version