সেনাৰ বৃহৎ সাফল্য! বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰসহ জইছ-ই-মহম্মদৰ ২ লিংকমেন গ্ৰেপ্তাৰ

সেনাৰ বৃহৎ সাফল্য! বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰসহ জইছ-ই-মহম্মদৰ ২ লিংকমেন গ্ৰেপ্তাৰ

September 9, 2020 0 By NEWS DESK

পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ বিৰুদ্ধে পুনৰ ভাৰতীয় সেনা-জম্মু-কাশ্মীৰ আৰক্ষীৰ বৃহৎ সফলতা।

মঙলবাৰে নিশা জম্মু-কাশ্মীৰৰ কুলগামৰ জোৱাহৰ টানেলৰ কাষত সেনা-আৰক্ষীৰ এক যৌথ অভিযানত ২ সন্দেহজনক লোকক গ্রেপ্তাৰ।

এই অভিযানত জম্মুৰ পৰা আহি থকা অৱস্থাত এখন ট্রাকত ১ টা এ কে 47 ৰাইফল, ১ টা M4 US Carbine, ৬ টা চীনা পিস্তল, ২ মেগাজিন আৰু আইইডিৰে ভৰা বক্স উদ্ধাৰ কৰা হৈছে।

বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে সেনাই।

ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গােচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।