Site icon NEWS8 NE

স্কুটিত উঠি পত্নীৰ সৈতে কথা পাতি আছিল প্ৰাক্তন বিধায়ক, ঘটিল ভয়ানক ঘটনা…

নিউজ ডেস্ক। এখন স্কুটিত উঠি পত্নী সৈতে কথা পাতি আছিল এজন প্ৰাক্তন বিধায়ক। তেনে সময়তে ঘটিল এক ভয়ানক ঘটনা।

ওচৰ চুবুৰীয়াৰ সহায়ত সম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰিল প্ৰাক্তন বিধায়কৰ লগতে তেওঁ পত্নী।

এই ঘটনা সংঘটিত হৈছে আগ্ৰাত।

দৰাচলতে ঘৰৰ বাহিৰত বিএছপি দলৰ প্ৰাক্তন বিধায়ক ভগৱান সিং কুশৱাহা নিজৰ স্কুটিত উঠি পত্নী সৈতে কথা পাতি আছিল।

তেনে সময়তে ভুলক্ৰমে স্কুটী তীব্ৰ জােৰে চলে আৰু নলাত সোমাই পৰা প্ৰাক্তন বিধায়ক ভগৱান সিং কুশৱাহা।

ঘটনাত প্ৰাক্তন বিধায়কজনৰ লগতে তেওঁৰ পত্নীও তেওঁৰ পত্নী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

লগতে চাওকঃ ফটকাৰ মােনা লৈ স্কুটিত উঠি ঘৰমুৱা যাত্ৰা পিতা-পুত্ৰৰ, ঘটিল শােকাৱহ ঘটনা

দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সেই ঘটনাটো বন্দী হৈছিল চিচি টিভিৰ কেমেৰাত।

বৰ্তমান সেই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

ঘটনা সন্দৰ্ভত ভগৱান সিং কুশৱাহা কয় যে, তেওঁ তেওঁৰ পত্নীক কৰৱা চৌথৰ দিনা বজাৰ কৰিবলৈ স্কুটীত লৈ যাবলৈ ওলাইছিল।

পত্নীয়ে ঘৰৰ সন্মুখত তেওঁৰ সৈতে কথা পাতি আছিল। কিন্তু যেতিয়া হঠাতে তেওঁৰ পত্নীৰ হাত স্কুটীৰ এক্সেলেটৰত পৰিছিল, তেতিয়া তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই মুকলি নলাত পৰিছিল।

তেওঁৰ লগতে পত্নীকো স্কুটীয়ে টানি নিছিল। তেওঁ অভিযোগ কৰি কয় যে নলা পৰিষ্কাৰ কৰাৰ পিছত পৌৰ নিগমে বহু ঠাইৰ পৰা নলা আৱৰি ৰখা পকী ঢাকনিবোৰ আঁতৰাই থয়, যাৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হয়।

উল্লেখ্য যে ঘটনাত পত্নীয়ে মুখ আৰু হাতত গুৰুতৰ আঘাত পাইছিল। তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ভগৱান সিঙে ভৰি আৰু হাতত আঘাত পাইছিল।

লগতে চাওকঃ নিৰাপত্তা কৰ্মীৰ সাহসীকতাৰ বাবে ব্যৰ্থ হ’ল ডকাইতি কাণ্ড, দৃশ্য বন্দী CCTV কেমেৰাত

Exit mobile version