স্বাধীনতা দিৱস বয়কট কৰি বন্ধ পালন কৰাৰ আহ্বান আলফা(স্বা) আৰু NSCNৰ !

স্বাধীনতা দিৱস বয়কট কৰি বন্ধ পালন কৰাৰ আহ্বান আলফা(স্বা) আৰু NSCNৰ !

August 12, 2020 0 By NEWS DESK

সমাগত স্বাধীনতা দিৱস ।

কৰ’ণাৰ আতংকৰ মাজত্ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সাজু হৈছে দেশবাসী ।

কিন্তু স্বাধীনতা দিৱস বয়কট কৰিবলৈ আহ্বান জনাইছে আলফা স্বাধীনে ।

বুধবাৰ এক প্ৰেছ বিবৃতি যোগে আলফা স্বাধীন আৰু উগ্ৰপন্থী সংগঠন এনএছচিএনৰ স্বাধীনতা দিৱস বয়কট কৰাৰ বাবে আহ্বান জনাই ।

নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠন এন এছ চি এন (NSCN)ৰ সৈতে যুতীয়াভাৱে প্ৰকাশ কৰা হৈছে প্ৰেছ বিবৃতি

বিবৃতিত ভাৰত চৰকাৰৰ বিৰুদ্ধে গৈ কেৱল বয়কট কৰাই নহয় এইবাৰ স্বাধীনতা দিৱসত ৰাজ্যবাসীৰ লগতে উত্তৰ-পূৱবাসীক বন্ধ পালন কৰাৰ বাবেও আহ্বান জনাইছে ।

১৪ আগষ্টৰ মাজনিশাৰ পৰা ১৮ ঘন্টীয়া বন্ধ পালনৰ আহ্বান জনাইছে সংগঠন দুটাই ।