স্বাব লওঁতে গাফিলতিৰ অভিযােগ, ৩ দিনীয়া নৱজাতকৰ নাকেৰে ৰক্তক্ষৰণ-মৃত্যু

স্বাব লওঁতে গাফিলতিৰ অভিযােগ, ৩ দিনীয়া নৱজাতকৰ নাকেৰে ৰক্তক্ষৰণ-মৃত্যু

August 13, 2020 0 By NEWS DESK

এক অতি কৰুণ ঘটনা। ৩ দিনীয়া নৱজাতকৰ ৰহস্যজনক মৃত্যু।

স্বাব লওঁতে চিকিৎসকৰ গাফিলতিৰ অভিযােগ মাতৃৰ।

ঘটনাটো সংঘটিত হয় ত্ৰিপুৰাত।

ঘটনা অনুসৰি সোমবাৰে ত্ৰিপুৰাৰ আগৰতলাৰ গোবিন্দ বল্লভ পণ্ট হাস্পতালত জন্ম হৈছিল এক কন্যা সন্তানৰ।

ইয়াৰ পিছত প্ৰসূতি গৰাকীৰ ক’ভিড পৰীক্ষাত ধৰা পৰে পজিটিভ।

ইয়াৰ পিছতেই নৱজাতকটিৰ ক’ভিড পৰীক্ষাৰ বাবে নাকেৰে স্বাব লৈছিল চিকিৎসকে।

বুধবাৰে নৱজাতকটিৰ মৃত্যু হোৱা ঘটনাই উত্তপ্ত কৰিছে চিকিৎসালয়।

কিয়নো মাতৃ গৰাকীৰ অভিযোগ অনুসৰি মংগলবাৰে নৱজাতকটিৰ স্বাব সংগ্ৰহৰ পাছতে নাকেৰে তেজ ওলাবলৈ ধৰে।

এই বিষয়ে চিকিৎসকক লগে লগে অৱগত কৰিছিল যদিও চিকিৎসক জনে চিন্তা নকৰিবলৈ কয়।

ৰাতিলৈকে এনেদৰেই আছিলে নবজাতকটিৰ অৱস্থা। কিন্তু নিশা ১২ বজাৰ পিছত কন্যা সন্তান গৰাকীৰ অৱস্থা গুৰুতৰ হয় আৰু শেষত চকুৰ সমুখতে মৃত্যু হয়।

কিন্তু অতিৰিক্ত মুখ্য সচিব এছ কে ৰাকেশে মাতৃ গৰাকীৰ অভিযোগক অস্বীকাৰ কৰে আৰু ইয়াৰ আঁৰত অন্য কাৰণ আছে বুলি কয়। আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছত আচল সত্য পোহৰলৈ আহিব বুলি কয়।