Site icon NEWS8 NE

সৰিয়হৰ ডুলিতে ভূত! এইবাৰ GMCHত ৰোগীক চিকিৎসা কৰিবলৈ গৈ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক…

নিউজ ডেস্কঃ নাম তেওঁৰ প্ৰণৱজ্যোতি দাস। পূৰ্বে এটা ফাৰ্মাচিটিউকেল কোম্পানীত কাম কৰিছিল তেওঁ। সেইসূত্ৰে পৰিচয় ঘটিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেইগৰাকীমান চিকিৎসকৰ সৈতেও।

কিন্তু অসমীয়াত এষাৰ ফকৰা আছে- আদাক দেখি উঠিল গা, কেটুৰীয়ে বোলে মোকো খা। চিকিৎসকক ঔষধ বিক্ৰী কৰি কৰি নিজেও চিকিৎসক হোৱাৰ মন মেলিলে প্ৰণৱজ্যোতিয়ে। সেয়ে কোভিডৰ সময়তে নামৰ সন্মুখত ‘ডাক্তৰ’ বহুৱাই বনাই ল’লে এখন ভুৱা পৰিচয় পত্ৰ।

তেতিয়াৰে পৰা নিজকে চিকিৎসক বুলি পৰিচয় দি অহা এইগৰাকী ভুৱা চিকিৎসক অৱশেষত জালত পৰিল আৰক্ষীৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালত ৰোগীক চিকিৎসা কৰিবলৈ গৈ ৰোগীৰ আত্মীয়ৰ হাতত কৰায়ত্ত হ’ল ভুৱা চিকিৎসকজন।

প্ৰণৱজ্যোতি দাসে স্বীকাৰ কৰা মতে, তেওঁৰ কোনো চিকিৎসা ডিগ্ৰী নাই। পূৰ্বে এটা ফাৰ্মাচিটিউকেল কোম্পানীত কাম কৰাৰ সূত্ৰে পৰিচয় আছে কেইবাগৰাকীমান চিকিৎসকৰ সৈতে।

বৃহস্পতিবাৰে পুৱা জিএমচিএইছৰ চাৰ্জিকেল বিভাগত ৰোগীক চিকিৎসা কৰিবলৈ গৈছিল ভুৱা নিউৰ’চাৰ্জন প্ৰণৱজ্যোতি দাসে। কিন্তু প্ৰকৃত ৰোগীৰ বেড নম্বৰ পাহৰি ভুলবশতঃ আন এটা ৱাৰ্ডত প্ৰৱেশ কৰি অন্য এজন ৰোগীৰ চিকিৎসা আৰম্ভ কৰে ভুৱা চিকিৎসকজনে।

তেতিয়াই ৰোগীৰ আত্মীয়ই সন্দেহবশতঃ ভুৱা চিকিৎসক জনক কৰায়ত্ত কৰি সোধাপোছা কৰাত ওলাই পৰে জোলোঙাৰ মেকুৰী। পিছত আৰক্ষীৰ হাতত চমজাই দিয়া হয় মুন্নাভাইৰূপী চিকিৎসকজনক।

অন্যহাতে মাজে মাজে চিকিৎসকৰ ভেশত জিএমচিএইছত প্ৰৱেশ কৰাৰ লগতে কেতিয়াবা কেতিয়াবা এইমছলৈও যোৱাৰ কথা স্বীকাৰ কৰে এইগৰাকী ভুৱা চিকিৎসকে।

Exit mobile version