সৰ্প দংশনৰ ফলত যুৱতীৰ মৃত্যু, জীয়াই তােলাৰ চেষ্টা বেজৰ

সৰ্প দংশনৰ ফলত যুৱতীৰ মৃত্যু, জীয়াই তােলাৰ চেষ্টা বেজৰ

October 13, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নৱজিৎ শৰ্মা। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ দহালী দখলাত এগৰাকী ২৩ বছৰীয়া যুৱতীৰ সৰ্প দংশনৰ ফলত মৃত্যু হয়।

মইজিলাল চৌধুৰী আৰু অনিমা চৌধুৰীৰ কন্যা লক্ষ্মী চৌধুৰীক যোৱা ১১ অক্টোবৰত ঘৰত থকা অৱস্থাতে সাপে দংশন কৰে আৰু পিছতে ততাতৈয়াকৈ মিৰ্জা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পৰৱৰ্তী সময়ত চিকিৎসকে GMCH লৈ প্ৰেৰণ কৰে ছাত্ৰী গৰাকীক ।

চিকৎসাৰ অন্তত প্ৰথম অৱস্থাত যুৱতীগৰাকী কিছু সুস্থ হৈছিল যদিও কিছু সময় পাছতে মৃত্যু ঘটে।

উল্লেযোগ্য যে মৃত বুলি ঘোষণা কৰা যুৱতী গৰাকীক ঘৰলৈ লৈ আহি পৰিয়ালৰ লোকে মংগলদৈ ছিপাঝাৰৰ পৰা এজন বেজ আনি জৰা-ফুকা কৰি আছে বুলি জানিব দিয়ে।

যুৱতী গৰাকীক পুনৰ জীয়াই তুলিবলৈ বেজে আপ্ৰান চেষ্টা কৰি আছে বুলি যুৱতী গৰাকীৰ ভাতৃ য়ে জানিবলৈ দিয়ে।

নিশা শ শ স্থানীয় লােকৰ উপস্থিতি বেজে জৰা-ফুকা কৰি যুৱতীগৰাকীক জীয়াই তুলিবলৈ চেষ্টা চলায়।

ইপিনে, আজি বেজৰ পৰামৰ্শ মতেই যুৱতীগৰাকীক কলৰ ভূৰ সাজি ব্ৰহ্মপুত্ৰৰ বুকুত উটুৱাই দিয়া হয়।

এই দৃশ্য প্ৰত্যক্ষ কৰিবলৈ দখলা ঘাটত শ শ লােকে উপস্থিত হয়।