NEWS8 NE

হঠাতে নাৱৰ পৰা সাগৰত জাঁপ দিলে ৰাহুল গান্ধীয়ে! তাৰ পাছত…

নিউজ ডেস্ক। হঠাতে মাজ সাগৰত নাৱৰ পৰা জঁপিয়ালে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে! ৰাহুলৰ পিচে পিচে জাঁপ দিলে মাছমৰীয়াই! কিন্তু হঠাতে কিয় এনে কৰিলে ৰাহুলে?

দৰাচলতে কংগ্ৰেছৰ যুৱৰাজ তথা সাংসদ ৰাহুল গান্ধীক মঙ্গলবাৰে কেৰেলাত দেখা গ’ল অন্য ৰূপত। কেৰেলাৰ কল্লাম জিলাৰ থাংগাচাৰী উপকূলত সাংসদজনে সাগৰৰ মাছমৰীয়াৰ লগত নাওঁ চলাই মাছ ধৰাৰ লগতে সাঁতুৰায়ো দেখা পোৱা গ’ল।

প্ৰায় এঘন্টা সময় মাছমৰীয়া সকলৰ লগত এনেদৰে কটায় তেওঁ। সাংসদজনক কাষত পায় মাছমৰীয়া সকল অভিভূত হৈ পৰিল। আগন্তুক ২০২১ ৰ নিৰ্বাচনৰ আগত ৪ দিনীয়া ভ্ৰমণসূচীৰে কেৰেলালৈ গৈছিল সাংসদজন।

এই সন্দৰ্ভত বুধবাৰে সাংসদ জনে কয় যে, ‘এটা সপোন সঁচা হ’ল। নাওঁ চলোৱা, মাছ ধৰা আৰু চতুৰ অভিজ্ঞতা মোৰ চিৰ জীৱন মনত থাকিব। আগলৈয়ো সময় পালেই এনেদৰে সময় কটাবলৈ আহিম। মাছমৰীয়া সকলৰ জীৱন কিমান কষ্টকৰ ইয়ে উপলব্ধি কৰালে। যিয়ে সাগৰৰ লগত সদায় যুদ্ধ কৰে। এই এঘন্টাটোৱেই মোক মাছমৰীয়া সকলৰ প্ৰতি অধিক সন্মান বঢ়ালে। জাল পেলাওতে জাল ভৰি মাছ আহিব বুলি ভাবিছিলো, কিন্তু সেইয়া হোৱা নাছিল। আমি মাছ সকলোৱে খাও, কিন্তু এই মাছ কিমান কষ্টৰে ধৰা হয় আমি নাজানো। এই অভিজ্ঞতাই মোক কষ্ট উপলব্ধি কৰিবলৈ শিকালে।’

উল্লেখ্য যে, মাছমৰীয়া সকলে তেওঁক সোধে যে মাছমৰীয়া সকলৰ প্ৰতি তেওঁ কেনেধৰণৰ পৰিকল্পনাৰ কথা ভাবিছে? উত্তৰত তেওঁ কয় যে, দেশত কৃষিৰ বাবে এক স্বতন্ত্ৰ মন্ত্ৰালয় আছে। কিন্তু মীন বিভাগৰ বাবে নাই। গতিকে তেওঁ মীন বিভাগৰ বাবে এক স্বতন্ত্ৰ মন্ত্ৰালয় প্ৰতিষ্ঠা কৰিব। যিয়ে মাছমৰীয়া সকলৰ কষ্ট লাঘৱ কৰিব। তেওঁ কংগ্ৰেছক নিৰ্বাচনী ইস্তাহাৰ পত্ৰত এই বিষয় অন্তৰ্ভুক্ত কৰিবলৈয়ো নিৰ্দেশ দিয়ে।

লগতে চাওকঃ

নিৰ্বাচনৰ পূৰ্বে ছবিগৃহলৈ আহি আছে জুবিনৰ ‘ৰাজনীতি’! মুকলি হ’ল টিজাৰ

নাতিনীৰ উচ্চ শিক্ষাৰ বাবে ঘৰ বিক্ৰী কৰা ‘পুত্ৰহাৰা’ অটোৰিক্সা চালকে লাভ কৰিলে ২৪ লাখ টকাৰ বৰঙণি!

বিদ্যুতৰ বিল আহিল ৮੦ কােটি! উচ্চ ৰক্তচাপত ভুগি চিকিৎসালয়ত ভৰ্তি ৮০ বছৰীয়া ব্যক্তি

বন্ধুৰ জন্মদিন উদযাপন কৰি ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা, নিহত ৬ ছাত্ৰ! CCTV ত বন্দী ঘটনাৰ দৃশ্য

Exit mobile version