NEWS8 NE

হাইপ্ৰফাইল চুৰ! চুৰিকাণ্ডৰ বাবে ক্ৰয় কৰি ললে ৯০ লাখ টকাৰ ভূমি, সুৰংগ খান্দি প্ৰতিবেশীৰ ঘৰত চুৰিকাণ্ড

নিউজ ডেস্ক। এক আচৰিত চুৰিকাণ্ড। মাটিৰ তলেৰে সুৰংগ খান্দি চিকিৎসকৰ ঘৰত চুৰি কৰিলে চোৰে।

এটা ৰূপ ভৰ্ত্তি বাকচ চুৰি কৰিবৰ বাবেই চোৰে বাছি ললে এই পদ্ধতি। আনকি চুৰ কৰিবলৈ সুবিধা হোৱাকৈ চোৰে ক্ৰয় কৰি ললে চিকিৎসকৰ ঘৰৰ কাষৰ মাটি।

এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰত।

ঘটনা অনুসৰি, জয়পুৰৰ ডাঃ সুনিত চনি নামৰ চিকিৎসক জনৰ ঘৰত আছিল এটা ৰূপ ভৰ্তি বাকচ। এই বাকচটোৰ খবৰ পায় চোৰে। সেয়েহে চোৰে বাকচটো চুৰি কৰাৰ কথা চিন্তা কৰিলে। কিন্তু চিকিৎসক জনৰ ঘৰত আহি চুৰি কৰিবলৈ অক্ষম চোৰ। সেয়েহে চিন্তা কৰিলে মাটিৰ তলত সুৰংগ খান্দি চুৰি কৰাৰ। সেই অনুসৰি কৰি ল’লে পৰিকল্পনা প্ৰস্তুত।

চিকিৎসক জনৰ বাসভৱনৰ কাষতে পৰিত্যক্ত অৱস্থাত আছিল অলপ মাটি। চোৰে চিন্তা কৰি ৯০ লাখ টকা মূল্যৰ মাটি খিনি তিনি মাহৰ আগত ক্ৰয় কৰি ললে। আৰু সেই মাটিৰ পৰাই তিনিমাহ ধৰি সুৰংগ খান্দি বাট উলিয়াই ললে চিকিৎসকৰ ঘৰৰ তলৰ মহলালৈ। এনেদৰেই চোৰে বৃহৎ পৰিমাণৰ ৰূপখিনি কৰিলে চুৰি।

এই ঘটনাৰ পিছতেই চিকিৎসক চনিয়ে যোৱা বুধবাৰে এক গোচৰ ৰুজু কৰে আৰক্ষী থানাত।

আৰক্ষীয়ে চিকিৎসক জনৰ কোনো ওচৰ সম্পৰ্কীয় লোক এই কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহ কৰিছে। যিহেতু ৰূপখিনি থকাৰ তথ্য কোনোবাই জানিবই লাগিব।

আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

লগতে চাওকঃ

হাতেৰে ঘূৰালেই বাজি উঠে এক ব্যতিক্ৰমী বাঁহী! জাপানলৈ ৰপ্তানি কৰি চৰ্চিত এজন শিল্পী

অটােৰিক্সাত ভ্ৰাম্যমাণ ঘৰ নিৰ্মাণ কৰি চৰ্চিত এজন লােক, যৌথভাৱে কাম কৰাৰ প্ৰস্তাৱ দিলে আনন্দ মহিন্দ্ৰাই

অসম জাতীয় পৰিষদৰ নিৰ্বাচনী প্ৰতীক চিহ্ন ঘােষণা

আৰক্ষীৰ জালত ‘আৰক্ষী’! গুৱাহাটীত বাইকসহ গ্ৰেপ্তাৰ ভুৱা আৰক্ষী উপ-পৰিদৰ্শক

Exit mobile version