NEWS8 NE

হাউছিং ছ’চাইটিৰ পাৰ্কিঙত ৰখাই থোৱা গাড়ী সোমাই গ’ল গাঁতত, কেমেৰাত বন্দী দৃশ্য

নিউজ ডেস্ক। এক আচৰিত দৃশ্য। হাউছিং ছছাইটিৰ পাৰ্কিংত ৰখাই থোৱা এখন বিলাসী গাড়ী নিজে নিজেই সোমাই গ’ল গাঁতত। গাঁতত সোমাই নিশ্চিহ্ন হৈ পৰিল গাড়ীখন।

এই ঘটনা দেওবাৰে সংঘটিত হয় মুম্বাইৰ এক হাইছিং ছছাইটিত।

মুম্বাইৰ ঘাটকপুৰ অঞ্চলৰ ৰামনিবাস ছ’ছাইটিৰ দৃশ্য সেইয়া। বাহনখনৰ গৰাকীয়ে নিজৰ মোবাইল কেমেৰাত বন্দী কৰা সেই দৃশ্য এতিয়া সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

স্থানীয় আৱাসী সকলে জনোৱা অনুসৰি, হাইছিং ছছাইটিৰ চৌহদৰ ভিতৰৰ সেই ঠাইত ৫০ ফুট গভীৰ এক কুঁৱা আছিল। সেই কুঁৱাটো আদিক ১০০ বছৰ পুৰণি। কিন্তু হাউছিং ছছাইটিৰ গৰাকীয়ে আৱাসী সকলৰ গাড়ী পাৰ্কিংৰ বাবে সেই গাঁতটোৰ ওপৰত পকা নিৰ্মাণ কৰি বন্ধ কৰি দিয়ে কুঁৱাটো।

কিন্তু বিগত সপ্তাহত মুম্বাইত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে কুঁৱাটোৰ ওপৰত নিৰ্মাণ কৰা সেই পকা অংশ ক্ষয় যায়। যাৰ ফলত এই ঘটনা সংঘটিত হয়।

এই ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগেই ঘটনাস্থলীত উপস্থিত হয় বৃহনমুম্বাই পৌৰ নিগম কৰ্তৃপক্ষ। তেওঁলোকে কয় যে, পাম্পিং মেচিনৰ সহায়ত গাঁতটোৰ পানীখিনি নিৰ্গমন কৰি থকা হৈছে।

পানীখিনি উলিয়াই হলেই ক্ৰেনৰ সহায়ত গাঁতত সোমাই পৰা গাড়ীখন উলিয়াবলৈ চেষ্টা কৰা হ’ব। গাড়ীখনৰ ভিতৰত কোনো লোক নাছিল বাবে এই ঘটনাত কোনো লোক আহত অথবা নিহত হোৱা নাই।

গাঁতত সোমাই পৰা বাহনখনৰ গৰাকী পংকজ মেহতাই কয়- “মোৰ সন্তান কেইটিয়ে মোক চিঞৰে যে গাড়ীখন তললৈ সোমাই গৈছে। লগে লগেই মই তললৈ দৌৰি যাওঁ। কিন্তু তেতিয়ালৈ গাড়ীখনৰ আধা অংশ সোমাই পৰিল। মই উপায়ন্তৰ হৈ মোবাইল কেমেৰাত সেই দৃশ্য বন্দী কৰিলো। মোৰ চকুৰ সমুখতে গাড়ীখন পানীৰ তললৈ সোমাই পৰে। পাম্পেৰে পানী উলিয়াই হলেই আমি ক্ৰেনৰ সহায়ত গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হম।”

লগতে চাওকঃ

ভয়ংকৰ! দলঙৰ ৰেলিঙত উঠিল তীব্ৰবেগী ট্ৰাক, কথমপি প্ৰাণৰক্ষা চালক-হেণ্ডিমেনৰ

সাপ্তাহিক ৰাশিফল

Exit mobile version