হাতত কােৰ লৈ পথ মেৰামতিত নামিল কংগ্ৰেছ বিধায়ক ৰূপজ্যােতি কুৰ্মী!

হাতত কােৰ লৈ পথ মেৰামতিত নামিল কংগ্ৰেছ বিধায়ক ৰূপজ্যােতি কুৰ্মী!

September 16, 2020 0 By NEWS DESK

এইবাৰ পথ মেৰামতিত নামিল মৰিয়নি সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যােতি কুৰ্মী।

সময়ে সময়ে কিছুমান ব্যতিক্ৰমী কাম কাজেৰে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰা কুৰ্মীয়ে এইবাৰ হাতত কােৰ লৈ নামি পৰিল সমষ্টিৰ এটা জৰাজীৰ্ণ পথৰ মেৰামতিত।

উল্লেখ্য যে সমষ্টিটােৰ নকছাৰি টীয়ক মূল পথটি দীৰ্ঘদিনৰ পৰা বিধ্বস্ত অৱস্থাত থকা সত্বেও গড়কাপ্তানি বিভাগে কােনাে পদক্ষেপ গ্ৰহণ নকৰিলে।

UB Photos

ইয়াৰ ফলত উক্ত পথছােৱাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈছিল।

পথছােৱা মেৰামতিৰ বাবে গড়কাপ্তানি বিভাগৰ বিষয়াক নিৰ্দেশ দিয়াৰ পাছতাে গা নলৰাত নিজেই শ্ৰমিকৰ ৰূপত অৱতীৰ্ণ হ’ল বিধায়ক কুৰ্মী।

Ub Photos

কুৰ্মীৰ মতে, ৰাজ্য চৰকাৰে কংগ্ৰেছ দলৰ দখলত থকা বাবেই সমষ্টিটােক মাহীআইৰ দৃষ্টিৰে চাইছে।

অৱশ্যে সচেতন লােকৰ মন প্ৰশ্ন উদয় হৈছে যে বিগত তিনিটা কাৰ্যকালত সমষ্টিটােৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈও কিয় কােনাে চৰকাৰী আঁচনিৰ জৰিয়তে এই জৰাজীৰ্ণ পথছােৱা মেৰামতি নাইবা পুনৰ নিৰ্মাণ নকৰিলে কুৰ্মীয়ে।

Ub Photos

নে নিজৰ ব্যৰ্থতা ঢাকিবলৈহে এই পদক্ষেপ ল’লে বিধায়ক ৰূপজ্যােতিয়ে?