NEWS8 NE

হাতীৰ বেটিং, বলিং-ফিল্ডিং কৰিছে মানুহে! হাতী-মানুহৰ ক্ৰিকেট খেলৰ ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। সাধাৰণতে বৃহৎ জন্তু হিচাপে হাতীয়ে বহুতো কাম কৰে অথবা গৰাকীয়ে কৰোৱাই। কিন্তু কিছুমান এনে কাম হাতীয়ে কৰে, যিটো দেখিলে আপুনিও আচৰিত হ’ব।

এইবাৰ তেনে এক আচৰিত দৃশ্যই ক্ষণিকতে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। যিটো দৃশ্যত হাতীয়ে কেইজনমান মানুহৰ লগত খেলিছে ক্ৰিকেট।

হাতীয়ে কেনেকৈ ক্ৰিকেট খেলিব পাৰে বুলি ভাবি নিশ্চয় আপুনিও আচৰিত হৈছে। কিন্তু সেইয়া সত্য।

দৃশ্যটোত দেখা অনুসৰি, এটা হাতীয়ে শুৰত লৈ আছে এডাল মাৰি আৰু তাৰ কাষতেই ফিল্ডাৰৰ ৰূপত আছে কেইজনমান লোকে।

এজন লোকে বল কৰিছে বেটচমেন হিচাপে থকা হাতীলৈ আৰু বলাৰে বল দলিওৱাৰ পিছতেই ইনচাইড অফ শ্বট খেলিছে বেটচমেন হাতীয়ে।

এই দৃশ্য টুইটাৰত শ্বেয়াৰ কৰে গান্নোপ্ৰেম নামৰ এটা পেজে।

কেপচনত দিয়ে- “আপুনি হাতীয়ে ক্ৰিকেট খেলা কেতিয়াবা দেখিছেনে? হয়, সি বহুতো আন্তঃৰাষ্ট্ৰীয় খেলুৱৈতকৈয়ো ভাল খেলিছে।” অৱশ্যে এই দৃশ্য কৰ সেইয়া কথা জানিব পৰা হোৱা নাই যদিও দৃশ্যটো এতিয়া দ্ৰুত গতিত ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে হাতীয়ে ফুটবল খেলা দৃশ্যয়ো পূৰ্বতে দেখা পোৱা গৈছিল।

Exit mobile version