NEWS8 NE

হায়দৰাবাদত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ছুইগীত কৰ্মৰত অসমৰ অমৰ ৰাভাই

নিউজ ডেস্ক। খাদ্য বিতৰণ প্ৰতিষ্ঠানত ডেলিভাৰী বয় হিচাপে কাম কৰি থকা অসমৰ এজন ৩৪ বছৰীয়া যুৱকৰ সোমবাৰে হাইদৰাবাদত পথ দুৰ্ঘটনাত মৃত্যু হয়।

ঘটনাটো সংঘটিত হোৱাৰ সময়ত অমৰ ৰাভা নামৰ মৃত যুৱকজনে হায়দৰাবাদত খাদ্যৰ হােম ডেলিভাৰী কৰাৰ উদ্দেশ্যে গৈ আছিল।

এই ঘটনাই হায়দৰাবাদত খাদ্য বিতৰণ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ বাবে কাম কৰা শ শ ডেলিভাৰী বয়ৰ মাজত শােকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, অমৰ ৰাভাৰ ঘৰ গােৱালপাৰা জিলাৰ আগিয়াৰ হাতীগাঁৱত। ২০১০ ইং চনতে কৰ্ম সংস্থাপন বিচাৰি অসমৰ পৰা সুদূৰ হায়দৰাবাদলৈ ঢাপলি মেলিছিল অমৰে।

২੦১৩ চনতে জােমেটোত যােগদান কৰাৰ পাছতে অমৰে ছুইগীত ডেলিভাৰী বয় হিচাপে চাকৰি পাইছিল।

ইপিনে, খাদ্য বিতৰণ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানটােৰ একাংশ কৰ্মচাৰীয়ে দাবী কৰা অনুসৰি, গাড়ী মটৰৰ ভিৰৰ মাজত কম সময়ৰ ভিতৰতে অৰ্ডাৰ প্ৰদান কৰাৰ হেঁচাই কেতিয়াবা তেওঁলোকৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় আৰু তাৰ ফলতে এনে দুৰ্ঘটনাৰ সৃষ্টি হয়।

লগতে চাওকঃ

ঠিক হৈছিল বিয়াৰ দিন! কিন্তু নিয়তিয়ে কাঢ়ি লৈ গ’ল ঝুমা-দিলীপৰ প্ৰাণ

Exit mobile version