হিমন্তৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন সদায় সপোনেই হৈ ৰ’বঃ ৰিপুন বৰা !

হিমন্তৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন সদায় সপোনেই হৈ ৰ’বঃ ৰিপুন বৰা !

September 7, 2020 0 By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচনৰ দিন চমূ চপাৰ লগে লগে ব্যাপক তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজত।

এক প্ৰকাৰ প্ৰাক-নিৰ্বাচনী যুঁজত উঠি পৰি লাগিছে প্ৰতিটো দল সংগঠন।

ইয়াৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

বৰাই কয়- ‘হিমন্তৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন সদায় সপোনেই হৈ ৰ’ব। এইবাৰ বিজেপি চাৰখাৰ হৈ যাব।’

সোমবাৰে তেজপুৰৰ জিলা পুথিভঁৰালক অনুষ্ঠিত হোৱা এক যোগদান কাৰ্যসূচীত এই মন্তব্য কৰে বৰাই।

ৰিপুন বৰাই লগতে কয়- ‘শিক্ষকক মাতি তেঁও অপমান কৰে। ডাঙৰ মানুহক ভাল ব্যৱহাৰ কৰিব নাজানে। মাত কথাই মানুহৰ পৰিচয়। গতিকে হিমন্ত মুখ্যমন্ত্ৰী হোৱাৰ বাবে যোগ্য হয় নে নহয় এয়া ৰাইজে বুজি পাব।’

বৰাই কয় যে, বিছাৰিলেই মুখ্যমন্ত্ৰী হ’ব নোৱাৰে, ৰাইজে বিচাৰিব লাগিব।