হিমন্তৰ সমষ্টিত ২০২১ ৰ নিৰ্বাচনী সমীক্ষা ন-কংগ্ৰেছী আৰ পি শৰ্মাৰ

হিমন্তৰ সমষ্টিত ২০২১ ৰ নিৰ্বাচনী সমীক্ষা ন-কংগ্ৰেছী আৰ পি শৰ্মাৰ

October 18, 2020 0 By NEWS DESK

কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা হ’ব পাৰে বিপিএফৰঃ আৰ পি শৰ্মা

শুৱালকুছি / হাজাে। অহা ২੦২১ বছৰৰ অসম বিধানসভাৰ নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিত সমীক্ষা প্ৰকাশ কৰিছে সদ্যপ্ৰাক্তন বিজেপি নেতা তথা ন-কংগ্ৰেছী ৰাম প্ৰসাদ শৰ্মাই।

আৰ পি শৰ্মা

উল্লেখ্য যে আজি শুৱালকুছি ব্ল’ক কংগ্ৰেছ সেৱা দলৰ উদ্যোগত শুৱালকুছিত অনুস্থিত হয় কংগ্ৰেছ দলৰ কৰ্মী সভা।

উক্ত সভাত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ দলৰ আইন কোষৰ তত্বাবাধক আৰ পি শৰ্মাই ।

সাংবাদিকৰে হােৱা সাক্ষাৎকাৰত শৰ্মাই কয় যে অহা ২০২১ ত চৰকাৰ গঠন কৰিব কংগ্ৰেছ দলে।

UB Photos

কংগ্ৰেছৰ সৈতে মিত্ৰতা হ’ব পাৰে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ।

কংগ্ৰেছে পাব ৮০+ আসন। ইয়াৰ বিপৰীতে বিজেপিয়ে পাব ২৫-৩৫ + আসন।

ৰাজ্যত নতুনকৈ গঠন হােৱা ৰাজনৈতিক দলসমূহৰ সম্ভাব্য আসন সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত থাকে শৰ্মা।

তেওঁ কয় যে জালুকবাৰী সমষ্টি পূৰ্বে কংগ্ৰেছৰ দখলত আছিল, এতিয়া বিজেপিৰ দখলত গৈছে। সেয়েহে এতিয়া পুনৰ জালুকবাৰী সমষ্টি কংগ্ৰেছৰ দখললৈকে আনিব লাগিব বুলি মন্তব্য কৰে।

উল্লেখ্য যে শুৱালকুছিৰ উপৰী হাজােত দলীয় কৰ্মকৰ্তাসকলৈ সৈতে নিৰ্বাচন কেন্দ্ৰিক আলােচনাত মিলিত হৈছিল আৰ পি শৰ্মা।