হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, ১৫৭৬ জন শিক্ষকৰ চাকৰি নিয়মীযা কৰাৰ ঘোষণা!

হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, ১৫৭৬ জন শিক্ষকৰ চাকৰি নিয়মীযা কৰাৰ ঘোষণা!

October 13, 2020 0 By NEWS DESK

জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী গৰাকীৰ।

ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে।

১,১৮,৯৯৮ গৰাকী মধ্যাহ্ন ভোজন ৰ কৰ্মচাৰী সকলক ৰাজ্য চৰকাৰৰ পৰা মাহে ৫০০ টকাকৈ সংযোজন কৰা হ’ব সংবাদ মেল যোগে এই কথা ব্যক্ত কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পূৰ্বে মধ্যাহ্ন ভোজন ৰ কৰ্মচাৰী সকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা পাইছিল ১০০০ টকা। এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ পৰা ৫০০ টকাসহ মুঠ ১৫০০ টকাকৈ কৈ পাব।

এপ্ৰিলৰ পৰা কাৰ্যকাৰী হব এই দৰমহা।

পূজাৰ আগতে এপ্ৰিলৰ পৰা অক্টোবৰৰ ধন খিনি একাউন্ট যোগে দিয়া হ’ব বুলিও ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে।

আনহাতে, ১৫৭৬ জন শিক্ষকৰ চাকৰি নিয়মীযা কৰাৰ কথা ঘোষণা কৰা হয়।

আদালতত এই সন্দৰ্ভত থকা গোচৰৰ অন্তত নিয়মীয়া হ’ব চাকৰি৷ লগতে ১ নৱেম্বৰৰ পৰা লাভ কৰিব দৰমহা।

ট্ৰেনিং নথকা ২৯৬০ গৰাকী শিক্ষকক টিউটৰ হিচাপে নিযুক্তি দিয়া হ’ব।

প্ৰাদেশিকৰনৰ ২ নং তালিকা প্ৰকাশ পাব নৱেম্বৰত।