হিমন্ত বিশ্ব শৰ্মা কৰ’নাৰ ডাক্তৰ, ছুগাৰৰ বেমাৰীঃ হাগ্ৰামা মহিলাৰী

হিমন্ত বিশ্ব শৰ্মা কৰ’নাৰ ডাক্তৰ, ছুগাৰৰ বেমাৰীঃ হাগ্ৰামা মহিলাৰী

November 7, 2020 0 By NEWS DESK

নিউজ ডেস্ক। বিটিআৰৰ পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি শাসনাধিষ্ঠিত বিজেপি তথা মিত্ৰদল বিপিএফৰ মাজত তীব্ৰতৰ হৈছে ৰাজনৈতিক বাক্যবাণ।

ৰাজ্যৰ একাংশ মন্ত্ৰী-বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতিকে ধৰি একাংশ বিষয়ববীয়াই হাগ্ৰামা বিপিএফ দলৰ বিৰুদ্ধে কৰা বিভিন্ন কটু মন্তব্যৰ প্ৰত্যুত্তৰ দিছে বিপিএফৰ নেতাসকলেও।

এইবাৰ বিভিন্ন মন্তব্য কৰি বিজেপি দলক প্ৰত্যুত্তৰ দিছে হাগ্ৰামা মহিলাৰীয়ে।

বাক্সাৰ জিলাৰ শালবাৰীৰ সাউদৰভিঠাত অনুষ্ঠিত বিপিএফৰ মহিলা সমাৰোহত ভাগ লৈ সাংবাদিকৰ আগত মন্তব্য কৰি হাগ্ৰামাই কয়ঃ “হিমন্ত দাদাই নিজে মিঠা নাখায়, তেওঁ আনক কিয় মিঠা খাব দিছে।

মিঠা খাব দি বিটিচিৰ মানুহক সকলোৰে ছুগাৰ বঢ়াব বিচাৰিছে হিমন্তই। হিমন্ত বিশ্ব শৰ্মা দাদা কৰ’না ডাক্তৰ হয়, কিন্তু নিজেই ছুগাৰৰ পেচেন্ট।

ৰাইজে মিঠা খাব লাগেনে টেঙা খাব লাগে নে তিতা খাব লাগে তেওঁ সকলো জানে। হিমন্ত বিশ্ব শৰ্মাই নিজে মিঠা নাখায় আৰু আনক মিঠা খাবলৈ কয়।

পুৱা আৰু আবেলি হিমন্ত দাদাই খোজ কাঢ়ে। লগতে গ্ৰীণ টী খায় হিমন্তই। এইটোৱে ইয়াকে বুজায় যে হিমন্ত বিশ্বৰ ছুগাৰ হৈছে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাঙলৰ ঠাইত ট্ৰেক্টৰৰ দিব বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাগ্ৰামাই কয় যে যাৰ ঘৰত ট্ৰেক্টৰ আছে তাৰ ঘৰত নাঙলো আছে।

ট্ৰেক্টৰতকৈ নাঙলৰ ভ্যেলুহে বেছি। ট্ৰেক্টৰৰ কাম নাই। হিমন্তই ট্ৰেক্টৰৰ ঠিকা লৈ এভেইলেবল্ কৰিব বিচাৰিছে। কিন্তু নোৱাৰে। কিমানক ট্ৰেক্টৰ দিব। হিমন্ত দাদাই ট্ৰেক্টৰৰ চাপ্লাই লৈ আকৌ টকা খাব বিচাৰিছে।”

হাগ্ৰামাই কয় যে বিজেপি আৰু বিপিএফ দলৰ মিত্ৰতা থাকিলেও হিমন্ত বিশ্ব শৰ্মাই বিপিএফৰ বিৰুদ্ধে ক’ব পাৰে যিকোনো কথা।

তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাইতাে কোৱা নাই বিপিএফ আৰু বিজেপিৰ মিত্ৰতা নাই বুলি ৷