NEWS8 NE

হুইল চেয়াৰত থকা কুকুৰৰ সাৰথি অন্ধ শিয়াল! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। এক ব্যতিক্ৰম ঘটনা। জন্তুও কেতিয়াবা হ’ব পাৰে অন্য জন্তুৰ সাৰথি। তেনে এক দৃশ্য দেখা গ’ল ইংলেণ্ডত।

এক দৃশ্যত দেখা অনুসৰি, হুইল চেয়াৰত যোৱা এটা কুকুৰৰ পিছে পিছে গৈছে এটা অন্ধ শিয়াল। হুইল চেয়াৰৰ চকাৰ শব্দ অনুসৰণ কৰি পিছে পিছে গৈছে শিয়ালটো। এই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

কুকুৰটোৰ গৰাকীয়ে জনোৱা অনুসৰি, জেক নামৰ পোহনীয়া কুকুৰটোৰ পিছ ঠেং দুটা নথকাৰ বাবে সি চলিব পৰাকৈ পিছফালে এখন হুইল চেয়াৰ সংযুক্ত কৰি দিয়া হ’ল। যাৰ সহায়ত সি দৌৰি যাব পাৰে কৰবালৈ। তাক তুলি অনা দুমাহৰ পিছতেই সি লগ পাই এবছৰীয়া অন্ধ শিয়াল পাম্পকিনক আৰু তেতিয়াৰ পৰাই জেক হৈ পৰে পাম্পকিনৰ সাৰথি।

আগে আগে জেক যায়, আৰু হুইল চেয়াৰৰ চকাৰ শব্দ শুনি পিছে পিছে যায় পাম্পকিন। দুয়োটাই লগ পোৱা প্ৰায় এবছৰৰ ভিতৰতেই পাম্পকিনে শিকি লয় অনুসৰণ প্ৰক্ৰিয়াটো। আৰু জেকে সুৰক্ষা প্ৰদান কৰে পাম্পকিনক।

দুয়ো যেতিয়া বাহিৰলৈ ওলাই আহে তেতিয়া বাকী পথৰ কুকুৰ মেকুৰীক সতৰ্ক কৰি দিয়ে। আৰু সকলো দুয়োটাৰ পৰা আঁতৰত থাকে। পাম্পকিন কৰবাত পৰি গলেও জেকে উঠাবলৈ চায়।

অৱশ্যে জেক আৰু পাম্পকিন দুয়োটাকে উদ্ধাৰ কৰি আনিছিল গৰাকী এনাই। জেক স্পাইনেল ৰোগত ভুগি থকাৰ লগতে আগৰ পৰাই তাৰ দুটা ভৰি নাছিল। তাৰ পৰিৱৰ্তে পাম্পকিন জন্মগত ভাৱে অন্ধ। প্ৰথমতে জেকে খুব লাহেকৈ খোজ কাঢ়িছিল।

এনাই জেকক খোজ কাঢ়িবলৈ শিকাইছিল। আৰু জেকৰ পিছে পিছে পাম্পকিনক যাবলৈ শিকাইছিল। পাছলৈ ভালদৰে খোজ কাঢ়িব পৰা হল জেক। আৰু তাৰ পিছে পিছে যাব ললে পাম্পকিন। এতিয়া দুয়োৰে এই কাৰ্য স্বাভাৱিক হৈ পৰিল।

বৰ্তমান দুয়োৰে এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল কৰি পেলাইছে ব্যৱহাৰকাৰীসকলে।

লগতে চাওকঃ

অৱশেষত আহিল বৰষুণ! আনন্দতে নাচি উঠিল এগৰাকী মহিলা বন বিষয়া, Video ভাইৰেল

৬ বছৰীয়া শিশুৰ সুললিত কন্ঠত অসমৰ জাতীয় সংগীত! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

মূৰত নাছিল হেলমেট! ৰাজপথত বাইক ষ্টান্ট কৰি বিপদত পৰিল এগৰাকী যুৱতী

সঞ্জনা গণেশনৰ সৈতে বিবাহপাশত আবদ্ধ বুমৰাহ, শ্বেয়াৰ কৰিলে ফটাে

Exit mobile version