Site icon NEWS8 NE

হেলমেটবিহীন যাত্ৰাৰ শোকাবহ পৰিণতি! মৃত ভাতৃৰ সকামলৈ নিমন্ত্ৰণ দিবলৈ গৈ পথ দুৰ্ঘটনাত পতিত বাইক আৰোহী, ৩ বন্ধুৰ মৃত্যু…

নিউজ ডেস্কঃ ঝাৰখণ্ডৰ গুমগুলা চহৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণহীন পথৰ দাঁতিত উফৰি পৰিল বাইক আৰোহী ৩ বন্ধু।

দুৰ্ঘটনাত নিহত তিনিওজন যুৱকৰ।

এজন বন্ধুৰ সম্পৰ্কীয় ভাতৃৰ মৃতকৰ সকামলৈ আত্মীয়ক নিমন্ত্ৰণ দিবলৈ যোৱাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা।

নিহত যুৱক কেইজনৰ পৰিচয় অমন বেক (২১), কুলদ্বীপ খালখো (২২) আৰু আকাশ বেক (২১) বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অলপতে মৃত্যু ঘটিছিল অমন বেকৰ সম্পৰ্কীয় ভাতৃ ৰোহন বেকৰ। যাৰ বাবে অমনে দুই বন্ধুক লগত লৈ ভাতৃৰ মৃতকৰ সম্পৰ্কলৈ নিমন্ত্ৰণ দিবলৈ মাঞ্জাটলিৰ পৰা গুমগুমালৈ গৈছিল।

কিন্তু তিনিও যুৱকে যাত্ৰা কৰা বাইকখন কৰৌন্দিৰ সমীপত নিয়ন্ত্ৰণহীন পথৰ দাঁতিত উফৰি পৰাত থিতাতে প্ৰাণ হেৰুৱায় অমন, কুলদ্বীপ আৰু আকাশে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়তে যুৱক তিনিজনে হেলমেট পৰিধান কৰা নাছিল বুলি জানিবলৈ দিছে আৰক্ষীয়।

আৰক্ষীৰ মতে, যুৱক কেইজনে হেলমেট পৰিধান কৰা হলে দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰিলহেঁতেন।

Exit mobile version