Site icon NEWS8 NE

হৰ্ণবিল ফেষ্টিভেলত গীটাৰত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ঝংকাৰ মহিলা গীটাৰিষ্ট ইমনাইনলাৰ, মুগ্ধ নেট দুনীয়া…

নিউজ ডেস্কঃ ১ ডিচেম্বৰৰ পৰা নাগালেণ্ডৰ কোহিমাত অনুষ্ঠিত হোৱা হৰ্ণবিল ফেষ্টিভেলৰ উদ্বোধনীৰ দিনটোতে চৰ্চাত ৰাজ্যখনৰ এগৰাকী মহিলা গীটাৰিষ্ট।

মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত ইলেক্ট্ৰিক গীটাৰত আঙুলিৰ যাদু দেখুৱাই লাখ লাখ দৰ্শকক মুগ্ধ কৰিলে গীটাৰিষ্ট ইমনাইনলা জমিৰে।

উত্তৰ পূবৰ ৰাজ্যখনৰ এই মহোৎসৱতে কেইবাগৰাকী অতিথি আৰু অলেখ দৰ্শকৰ উপস্থিতিত ইলেক্ট্ৰিক গীটাৰত ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ ঝংকাৰ তোলে গীটাৰিষ্ট ইমনাইনলা জমিৰে।

উল্লেখ্য যে, যোৱা ১ ডিচেম্বৰৰ পৰা নাগালেণ্ডৰ কোহিমাত অনুষ্ঠিত হৈছে ২৩ সংখ্যক হৰ্ণবিল ফেষ্টিভেল।

বৃহস্পতিবাৰে দেশৰ উপ ৰাজ্যপাল জগদীপ ধনখড়ে অসম তথা নাগালেণ্ডৰ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই মহোৎসৱৰ উদ্বোধন কৰে।

Exit mobile version