১০ মহীয়া শিশুক পলিঅ’ৰ বিপৰীতে আশা কৰ্মীয়ে খুৱালে চেনিটাইজাৰ ! তাৰ পিছত ?

১০ মহীয়া শিশুক পলিঅ’ৰ বিপৰীতে আশা কৰ্মীয়ে খুৱালে চেনিটাইজাৰ ! তাৰ পিছত ?

August 13, 2020 0 By NEWS DESK

এক আচৰিত ঘটনা !

১০ মহীয়া শিশুক পলিঅ’ৰ বিপৰীতে আশা কৰ্মীয়ে খুৱালে দুটোপাল চেনিটাইজাৰ ।

 মঙলবাৰে ত্ৰিপুৰাৰ উনকটি জিলাৰ সোণাইমুৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা ।

শিশুটোক পলিঅ’ ছিটাৰ বিপৰীতে চেনিটাইজাৰ খুওৱাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে, সোণাইমুৰি গাঁৱৰ প্ৰীতি দাস নামৰ মহিলাগৰাকীয়ে মঙলবাৰে দুপৰীয়া নিজৰ দহমহীয়া শিশুটিক লৈ সোণাইমুৰিস্থিত উপ স্বাস্থ্য কেন্দ্ৰলৈ পলিঅ’ খুৱাবলৈ লৈ গৈছিল ।

কিন্তু স্বাস্থ্য কেন্দ্ৰটিত থকা পুস্পা দাস নামৰ আশা কৰ্মীগৰাকীয়ে দহ মহীয়া শিশুটিক পলিঅ’ৰ পৰিৱৰ্তে চেনিটাইজাৰ খুৱাই দিয়ে ।

লগে লগে শিশুটিয়ে কান্দিব ধৰে আৰু জ্বৰ উঠে ।

শিশুটিৰ এনে অস্বাভাৱিকতা দেখি সকলোৱে চিন্তিত হৈ পৰে আৰু চিকিৎসকৰ ওচৰলৈ লৈ যোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ।

এই ঘটনাৰ পিছতে ভুক্তভোগী শিশুটিৰ মাতৃয়ে স্বাস্থ্য কৰ্মীগৰাকীৰ বিৰুদ্ধে কুমাৰঘাট আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ।