১২ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় ৰে’লৱেই আৰম্ভ কৰিব ৮০খন নতুন বিশেষ ৰে’ল !

১২ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় ৰে’লৱেই আৰম্ভ কৰিব ৮০খন নতুন বিশেষ ৰে’ল !

September 6, 2020 0 By NEWS DESK

১২ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় ৰে’লৱেই আৰম্ভ কৰিব ৮০খন নতুন বিশেষ ৰে’ল।

বৰ্তমান চলি থকা ২৩০খন ৰে’লৰ বাহিৰেও নতুনকৈ এই ৮০থন নতুন বিশেষ ৰে’ল ট্ৰেকত নামিব।

ইয়াৰ বাবে ১০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ৰিজাৰ্ভেচন প্ৰক্ৰিয়া।

শনিবাৰে এই কথা সদৰি কৰিছে ৰেল’ৱে বৰ্ডৰ অধ্যক্ষ বিকে যাদৱে।

লগতে তেওঁ কয়- বৰ্তমান চলিবলগীয়া বিশেষ ৰে’লৰ সঞ্চালনৰ লক্ষ্য ৰখা হ’ব আৰু য’তেই ৰে’ল বিচৰা হ’ব অথবা দীঘলীয়া অপেক্ষাৰ তালিকা হ’ব, তাত প্ৰকৃত ৰে’লৰ পূৰ্বে ‘ক্লোন’ ৰে’ল চলোৱা হ’ব।

পৰীক্ষাৰ বাবে বা বিশেষ কোনো উদ্দেশ্যৰ বাবে ৰাজ্য চৰকাৰক অনুৰোধ কৰাৰ বাবে ৰে’লৰ সঞ্চালন কৰা হ’ব।