১৩ বছৰৰ অন্তত ইৰাণৰ পৰা আঁতৰিল অস্ত্ৰৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা!

১৩ বছৰৰ অন্তত ইৰাণৰ পৰা আঁতৰিল অস্ত্ৰৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা!

October 19, 2020 0 By NEWS DESK

বিশ্বৰ পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ সমূহৰ ভিতৰত অন্যতম ইৰাণ।

ইৰাণৰ বিৰুদ্ধে ১৩ বছৰ পূৰ্বে আৰোপ কৰা হৈছিল অস্ত্ৰ সৰবৰাহৰ নিষেধাজ্ঞা।

কিন্তু অৱশেষত দেওবাৰে বাতিল হ’ল ৰাষ্ট্ৰসংঘই আৰোপ কৰা অস্ত্ৰ সৰবৰাহৰ নিষেধাজ্ঞা।

আমেৰিকাৰ তীব্ৰ হেঁচাৰ পিছতো ৰাষ্ট্ৰসংঘই ইৰাণৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।

উল্লেখ্য বিশ্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা পাৰমাণৱিক অস্ত্ৰ উৎপাদন কৰি থকাৰ অভিযোগত ১৩ বছৰ পূৰ্বে আমেৰিকাৰ হেঁচাতে ৰাষ্ট্ৰসংঘই ইৰাণৰ বিৰুদ্ধে অস্ত্ৰৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল।

এতিয়াৰে পৰা ইৰাণে আন দেশৰ পৰা অস্ত্ৰ ক্ৰয় কৰিব পাৰিব আৰু নিজ দেশতো অস্ত্ৰ নিৰ্মাণ কৰিব পাৰিব।

উল্লেখ্য যে, ২০১৮ চনত তেহৰাণে আন্তঃৰাষ্ট্ৰীয় মহলৰ সৈতে Joint ‘Comprehensive Plan of Action’ (JCPOA) চুক্তিত স্বাক্ষৰ কৰিছিল।

কিন্তু চুক্তি স্বাক্ষৰৰ পিছতো ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰি থকা বুলি আমেৰিকাই অভিযোগ কৰিছিল।

কিন্তু ৰাষ্ট্ৰসংঘই বিভিন্ন দিশ চালি-জাৰি চাই ইৰাণৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।