১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ এছ আই কেলেংকাৰীৰ অভিযুক্ত দিৱন ডেকাক !

১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ এছ আই কেলেংকাৰীৰ অভিযুক্ত দিৱন ডেকাক !

October 13, 2020 0 By NEWS DESK

ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত দিৱন ডেকাক।

সোমবাৰে আদালতত চিআইডিয়ে হাজিৰ কৰোৱাৰ পিছতে ডেকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

১৪ দিনৰ বাবে দিৱন ডেকাক প্ৰেৰণ ন্যায়িক জিম্মালৈ।

কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল ডেকা সহ মনজিৎ বৰা, তৰণী কান্ত বনিক্য, ৰূপম দাস আৰু প্ৰদীপ মজুমদাৰক।

ইয়াৰ পূৰ্বে ক্ৰাইম ব্ৰাঞ্চে ৫ দিনৰ জিম্মাত লৈছিল দিৱনক।

তাৰপাছতে চিআইডিয়ে দিৱন ডেকাক লৈছিল ৬ দিনৰ জিম্মাত।

৩০ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল দিৱন ডেকাক।