১৫ অক্টোৱৰত ছবি গৃহলৈ আহিব প্ৰধানমন্ত্ৰী মোডীৰ জীৱনকলৈ নিৰ্মাণ কৰা বায়’পিক !

১৫ অক্টোৱৰত ছবি গৃহলৈ আহিব প্ৰধানমন্ত্ৰী মোডীৰ জীৱনকলৈ নিৰ্মাণ কৰা বায়’পিক !

October 11, 2020 0 By NEWS DESK

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ বহু ঘাত-প্ৰতিঘাত তথা সাফল্যৰ গাথাৰে নিৰ্মাণ কৰা বায়’পিক ‘পি এম নৰেন্দ্ৰ মোডী’ শীৰ্ষক চলচ্চিত্ৰখন পুনৰ ছবি গৃহত মুক্তি দিয়া হ’ব।

২০১৯ চনৰ ২৪ মে’ত ছবিখন মুক্তি দিয়া হৈছিল যদিও সেই সময়ত কৰ’ণা আতংকই গা কৰি উঠাত ভাৰতৰ ছবি ঘৰ সমূহো বন্ধ কৰি দিয়া হৈছিল।

ফলত মোডীৰ জীৱনকলৈ নিৰ্মাণ কৰা ছবি খন চোৱাৰ সৌভাগ্য বহুতৰে নহ’ল।

শেহতীয়াকৈ যিহেতু দেশৰ ছবি ঘৰ সমূহ খোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে সেয়ে ছবি খন আকৌ এবাৰ দেশৰ ছবি ঘৰ সমূহত মুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

অহা ১৫ অক্টোৱৰত ছবিখন পুনৰ এবাৰ ছবি গৃহত মুক্তি দিয়া হ’ব।

উল্লেখ্য যে, মোডীৰ জীৱনকলৈ নিৰ্মাণ কৰা ছবি খনত মোডীৰ চৰিত্ৰত অভিনিয় কৰিছে অভিনেতা বিবেক আনন্দ অবেৰয়ে।

এইবাৰ চিনেমাহলত “পিএম নৰেন্দ্ৰ মোডী” শীৰ্ষক চিনেমাখনে অধিক দৰ্শক স্পৰ্শ কৰিব বুলি আশাবাদী ছবিখনৰ প্ৰযোজক তথা ছবিখনৰ সৈতে জড়িত কলা কুশলী সকল।