১৫ ডিচেম্বৰৰ ভিতৰত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচনী আয়োগক অনুৰোধ ৰাজ্য চৰকাৰৰ!

১৫ ডিচেম্বৰৰ ভিতৰত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচনী আয়োগক অনুৰোধ ৰাজ্য চৰকাৰৰ!

October 22, 2020 0 By NEWS DESK

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অসম প্ৰশাসনিক মহাবিদ্যালয়ৰ সভাকক্ষত এখন কেবিনেট বৈঠক অনুষ্ঠিত হয়।

বৈঠকত ডিচেম্বৰৰ ১৫ তাৰিখৰ ভিতৰত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগক অনুৰোধ জনায় ৰাজ্য চৰকাৰে।

এই কথা সদৰি কৰিছে অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

সংবাদমাধ্যমক মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, বিটিচিত নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে ৰাজ্যপালৰ শাসন বাহাল ৰখাৰ বাবেও মন্ত্ৰী পৰিষদে অনুমোদন জনাইছে। 

বৈঠকত অসমৰ বিভিন্ন গোশালালৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰো সিদ্ধান্ত লোৱা হয় যাতে গোশালাত থকা গৰু বোৰৰ খাদ্যৰ যোগানৰ ক্ষেত্ৰত গোপালক সকলৰ সহায় হয়।

তদুপৰি গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আকোৱালি ল’বলগীয়া হোৱা কনিষ্টবল ৰবেন দাসৰ পৰিয়াললৈ ১০ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰো বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আনহাতে মাজুলী সংযোগী দলং নিৰ্মাণৰ ক্ষেত্ৰতো কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মন্ত্ৰী পৰিষদৰ বৈঠকে। দলঙখন নিৰ্মাণৰ বাবে ব্যৱহাৰ হ’বলগীয়া বালি, ষ্টীল, বিটুমিন আদিৰ ক্ষেত্ৰত ৰাজ্যিক জিএছটি, ৰয়েল্টী আৰু স্থানীয় কৰ ৰেহাই দিয়াৰ লগতে এপ্ৰ’চ পথৰ বাবে ভূমি অধিগ্ৰহণৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰাৰ দিশতো মন্ত্ৰী পৰিষদৰ বৈঠকে অনুমোদন জনাইছে।