১৯ নৱেম্বৰলৈকে অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিবেশন অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আদালতৰ…

১৯ নৱেম্বৰলৈকে অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিবেশন অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আদালতৰ…

August 27, 2020 0 By NEWS DESK

অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিবেশনত স্থগিতাদেশ।

বৃহস্পতিবাৰৰ অৰ্থাৎ ২৭ আগষ্টৰ পৰা অনুস্থিত হোৱাৰ কথা আছিল অধিবেশন।

কিন্তু সেই অধিবেশনৰ বৈধতাক লৈ অগপৰে একাংশ নেতাই আদালতৰ কাষ চপাত সেই অধিবেশনত স্থগিতাদেশ জাৰি কৰিলে কামৰূপ মহানগৰ দেৱানী আদালতে।

গিৰীণ তালুকদাৰ, জীতেন ডেকা আৰু হেমেন লহকৰে স্থগিতাদেশ আৰোপ কৰাৰ বাবে আবেদন জনাইছিল আদালতত।

১০ আগষ্টত এই সাধাৰণ অধিবেশনক লৈ জাননী জাৰি কৰিলেও ১৭দিনৰ জাননীৰে এই কেন্দ্ৰীয় অধিবেশন কেনেদৰে অনুষ্ঠিত কৰিব বুলি গুৱাহাটী মহানগৰ কমিটীৰ প্ৰাক্তন সভাপতি জীতেন ডেকা আৰু তেওঁৰ দুই সতীৰ্থই আদালতৰ কাষ চাপিছিল।

ইয়াৰোপৰি, সংবিধান উলংঘা কৰি এই কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ অধিবেশন আহ্বান কৰা বুলি আদালতত অগপৰ একাংশ নেতাই দাখিল কৰা এক আৱেদনৰ ভিত্তিত কামৰূপ মহানগৰ দেৱানী আদালতে এই নিৰ্দেশ জাৰি কৰে।

১৯ নৱেম্বৰ পৰ্যন্ত অধিবেশন পতাৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰে আদালতে৷

অগপৰ সংবিধানৰ অনুচ্ছেদ ২৫ (৫) ভংগ কৰা বুলি উত্থাপিত অভিযোগৰ ভিত্তিত আদালতে এই নিৰ্দেশ দিয়াৰ বিপৰীতে সত্যব্ৰত কলিতাই এনে কোনো আদালতৰ নিৰ্দেশ লাভ কৰা নাই আৰু ২৭ আগষ্টত অধিবেশন সুচী অনুসৰি অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে।

সত্যব্ৰত কলিতাই কয়- ‘আমাৰ অধিবেশন ইতিমধ্যে আৰম্ভ হৈছে, কাইলৈ সন্ধিয়া এই অধিবেশন সমাপ্ত হ’ব।আদালতৰ নিৰ্দেশ আমি এতিয়ালৈ পোৱা নাই, আজিৰ পৰা আমাৰ অধিবেশন আৰম্ভ হৈ গল।

আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সাধাৰণ পৰিষদলৈ নিমন্ত্ৰণ নিদিয়াৰ অভিযোগৰ প্ৰসংগতো বিধায়কগৰাকীয়ে কয়- ‘আমি সকলোকে নিমন্ত্ৰন কৰিছোঁ।’