NEWS8 NE

১੦੦ কিলাে ওজনৰ অসুস্থ কাছই বিচৰণ কৰিছে স্কেট ব’ৰ্ডত! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। এটা প্ৰকাণ্ড কাছ। ১০০ কিলো ওজনৰ এই বয়স্ক কাছটো আছে জাৰ্মানীৰ এখন চিৰিয়াখানাত। কাছটোৰ নাম হেলমুথ।

হেলমুথৰ এটা ভিডিঅ’ বৰ্তমান সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

দৃশ্যটোত দেখা অনুসৰি এখন সম্পূৰ্ণ ভ্ৰাম্যমান স্কেট ব’ৰ্ডৰ ওপৰত কাছটো ঘূৰি ফুৰে চিৰিয়াখানাখনত।

দৃশ্যটো সামাজিক মাধ্যম ফেচবুকৰ Zoom Erlebniswelt Gelsenkirchen নামৰ পেজটোৱে শ্বেয়াৰ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই।

Zoom Erlebniswelt Gelsenkirchen ত উল্লেখ থকা অনুসৰি, হেলমুথ বৰ্তমান শাৰিৰীকভাৱে অসুস্থ। তাৰ চিকিৎসা অব্যাহত ৰাখিছে চিকিৎসকে। শৰীৰৰ হাতৰ যােৰাত বিষৰ বাবে স্বাভাৱিক চাল-চলনত অসুবিধানৰ সন্মুখীন হৈছে এই বৃহৎ আকাৰৰ কাছটাে। সেয়ে তাক এখন ঘূৰ্ণী বৰ্ডত উঠাই দিয়া হৈছে যাতে সি ইচ্ছামতে ঘূৰিব পাৰে।

কাছটােৰ প্ৰতিপালনৰ বাবে দুজন কৰ্মচাৰী নিয়োজিত হৈ আছে। চিকিৎসকে প্ৰদান কৰা থেৰাপী আৰু দৰৱে বৰ্তমান কাম দিছে।

যোৱা ২ এপ্ৰিলত শ্বেয়াৰ কৰা এই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰী সকলে হেলমুথৰ স্বাস্থ্যৰ দ্ৰুত উন্নতি কামনা কৰিছে।

Exit mobile version