১ ডিচেম্বৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ব অসম ৰাজ্যিক চিৰিয়াখানা!

১ ডিচেম্বৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ব অসম ৰাজ্যিক চিৰিয়াখানা!

October 15, 2020 0 By NEWS DESK

ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ ভয়াৱহতাৰ বাবে বন্ধ ৰখা হৈছিল স্কুল-কলেজৰ লগতে বহু ৰাজহুৱা স্থান।

দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ আছিল অসম ৰাজ্যিক চিৰিয়াখানা।

অবশ্যে ১ ডিচেম্বৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে খোলা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা।

পুৱা ৮ বজাৰ পৰা ১১ বজা আৰু দুপৰীয়া ১ বজাৰ পৰা ৩ বজালৈ খোলা থাকিব চিৰিয়াখানা।

তদুপৰি ১৫০ জন দৰ্শনাৰ্থীহে প্ৰৱেশ কৰিব পাৰিব চিৰিয়াখানাৰ ভিতৰত।

অসম ৰাজ্যিক চিৰিয়াখানাৰ ডি এফ অ’ই এই কথা সদৰি কৰিছে।