২০২১ৰ নিৰ্বাচনত অসমৰ ১২৬ টা সমষ্টিতে প্ৰাৰ্থীত্ব আগবঢ়াব আম আদমী পাৰ্টিয়ে !

২০২১ৰ নিৰ্বাচনত অসমৰ ১২৬ টা সমষ্টিতে প্ৰাৰ্থীত্ব আগবঢ়াব আম আদমী পাৰ্টিয়ে !

September 9, 2020 0 By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচনৰ দিন চমূ চপাৰ লগে লগে ব্যাপক তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজত।

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে আম আদমী পাৰ্টি।

২০২১ৰ বিধানসভা নিৰ্বাচনত অসমৰ ১২৬ টা সমষ্টিতে প্ৰাৰ্থীত্ব আগবঢ়াবলৈ সাজু হৈছে আম আদমী পাৰ্টি।

ইতিমধ্যে দলটোৱে অসমৰ ৮৪ টা সমষ্টিত প্ৰাৰ্থীত্ব চুড়ান্ত কৰি সাংগঠনিক ভাবেও তৎপৰ হৈ পৰিছে বুলি জানিব পৰা গৈছে।

দলটোৱে অসমৰ প্ৰভাৰী হিচাপে নিযুক্তি দিয়া কেন্দ্ৰীয় নেতা ৰাজেশ শৰ্মাৰ নেতৃত্বত ৰাজ্যখনৰ ইমুৰৰ পৰা সিমুৰলৈ ঘূৰি সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে।

মঙলবাৰে নাৰায়ণপুৰত দলটোৰ নেতৃবৰ্গই নাৰায়ণপুৰ প্ৰেছ ক্লাবত ১০৯ নং বিহপুৰীয়া সমষ্টিৰ দলীয় কৰ্মকৰ্তা সকলৰ লগত মত বিনিময় কৰি এই কথা প্ৰকাশ কৰে।

বিজেপি-কংগ্ৰেছক দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ দল হিচাপে অভিহিত কৰি আপৰ চৰকাৰ হলে অসম চুক্তি আখৰে আখৰে পালন কৰি সমাধান কৰিব বুলি সংবাদিকৰ আগত সজোৰে দাবী কৰে দলটোৰ নেতৃত্বই।