২০২১ৰ ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা !

২০২১ৰ ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা !

October 8, 2020 0 By NEWS DESK

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ ঘোষণা।

২০২১ৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা।

আনহাতে চলিত বৰ্ষৰ ১ নৱেম্বৰৰ পৰা শিক্ষাৰ্থীসকলে অনলাইনযোগে কৰিব লাগিব ফৰ্ম ফিলআপ।

১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত ফৰ্ম ফিলআপ কৰিব লাগি শিক্ষাৰ্থীসকলে।

ইফালে, ১৫ ডিচেম্বৰৰ ভিতৰত সংসদত শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীয়ে জমা কৰিব লাগিব ষ্টেটমেন্ট, ফিচ চালান আদিৰ হাৰ্ড কপীসমূহ।

লগতে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে শিক্ষানুষ্ঠানসমূহক এই অনলাইন ফৰ্ম ফিলআপ প্ৰক্ৰিয়াৰ পৰা যাতে কোনো শিক্ষাৰ্থী বাদ নপৰে তাৰ প্ৰতি দৃষ্টি ৰখাৰ বাবে আহ্বান জনাইছে।