২০২১ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী নহয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা !

২০২১ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী নহয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা !

August 25, 2020 0 By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচনা।

২০২১ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মঙলবাৰে টুইটযোগে মন্ত্ৰীগৰাকীয়ে দিলে তাৰে ইংগিত।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে, ‘মই নিৰ্বাচন খেলাৰ বাবে আগ্ৰহী নহয়।’

অসমত ২০২১ত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কেন্দ্ৰিক বিতৰ্কৰ মাজতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে কয় যে- নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সলনি নিৰ্বাচনৰ সময়ত দলৰ হৈ মই সামৰ্থ অনুসৰি সেৱা আগবঢ়াব।’

মন্ত্ৰীগৰাকীয়ে কয়- ”মই বিভিন্ন ৰাজহুৱা মাধ্যমত আগন্তুক বিধানসভা নিৰ্বাচন খেলাৰ বাবে আগ্ৰহী নহয় বুলি সদৰি কৰিছিলো।

মই কেনেদৰে দলৰ বাবে আৰু ৰাজ্যৰ বাবে কি দিব পাৰো সেই দায়িত্বহে পালন কৰিম।

অসমৰ ভৱিষ্যতৰ বাবে আমাক এখন শক্তিশালী ৰাষ্ট্ৰীয় চৰকাৰ লাগিব।’