২০২১ ত বিজেপি চৰকাৰ আহিলে ‘লাভ জিহাদ’ৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থাঃ হিমন্ত বিশ্ব শৰ্মা !

২০২১ ত বিজেপি চৰকাৰ আহিলে ‘লাভ জিহাদ’ৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থাঃ হিমন্ত বিশ্ব শৰ্মা !

October 13, 2020 0 By NEWS DESK

২০২১ ত বিজেপি চৰকাৰ আহিলে ‘লাভ জিহাদ’ৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা।

ডিব্ৰুগড়ত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম প্ৰদেশ বিজেপি মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ সামৰণি অনুষ্ঠানত এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীগৰাকীয়ে কয়- ‘অসমৰ ভূমিত লাভ জিহাদৰ বিৰুদ্ধে এক নতুন আৰু কঠোৰ যুঁজ দিব লাগিব। যদি দ্বিতীয়বাৰৰ বাবে বিজেপি ক্ষমতালৈ আহে তেন্তে আমি এই নিৰ্ণয় ল’ম যে যদি কোনো যুৱকে নিজৰ পৰিচয় লুকাই অসমৰ যুৱতীৰ বিৰুদ্ধে নকৰাত্মক মন্তব্য প্ৰদান কৰে তেন্তে তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব।’

লগতে তেওঁ কয়- ‘যি সকললোকে লাভ জিহাদৰ কাৰ্য সংঘটিত কৰে সেইসকল আজমলৰ সংস্কৃতিৰ পৰা অহা। লাভ জিহাদে অসমৰ যুৱতীৰ বাবে পাহাৰ সদৃশ সমস্যাৰ সৃষ্ট কৰিছে। কিছুমান যুৱতীয়েটো তালাকো লৈছে কিয়নো তেওঁলোকক ভুল নাম কৈ বিশ্বাসঘাটকতা কৰা হৈছে।’

‘আমি ৫০০-৬০০ বছৰ ধৰি বাবৰ-ঔৰংগজেৱৰ অত্যাচাৰ সহ্য কৰিব লগীয়া হৈছিল, বৰ্তমান সময়তো আমি আজমলৰ পৰা একেই প্ৰত্যহ্বানৰ সন্মুখীন হৈছো বুলি মন্তব্য কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।