২০২১ ৰ নিৰ্বাচন খিলঞ্জীয়া অসমীয়া জাতিৰ অগ্নি পৰীক্ষাঃ বৰষা ৰাণী বিষয়া

২০২১ ৰ নিৰ্বাচন খিলঞ্জীয়া অসমীয়া জাতিৰ অগ্নি পৰীক্ষাঃ বৰষা ৰাণী বিষয়া

September 25, 2020 0 By NEWS DESK

গহপুৰ। অসম জাতীয় পৰিষদ (এজেপি) সন্দৰ্ভত মন্তব্য অভিনেত্ৰী তথা কা বিৰােধী নেত্ৰী বৰষা ৰাণী বিষয়াৰ।

বৰষাৰ মতে, ২੦২১ বৰ্ষৰ অসম বিধানসভাৰ নিৰ্বাচন খিলঞ্জীয়া অসমীয়া মানুহৰ অগ্নিপৰীক্ষা।

এই নিৰ্বাচনত অসমীয়া মানুহ জিকিব নে হাৰিব, সেইটা নিশ্চিত হ’ব।

ৰাইজে ভোট কাক দিব, সেইয়া তেওঁলোকৰ ব্যক্তিগত চিন্তা-চৰ্চাৰ বিষয় ৷

এই বিষয়ে কােনাে ব্যক্তিগত মত প্ৰকাশ কৰাৰ প্ৰয়ােজন বােধ নকৰােঁ।

সক্ৰিয় ৰাজনীতিত কেতিয়াও অংশ গ্ৰহণ নকৰোঁ বুলিও মন্তব্য প্ৰকাশ কৰে অভিনেত্ৰী বৰষা ৰাণীয়ে।

অভিনেত্ৰীগৰাকীৰ মতে, অসমত যি সংগ্ৰামী জাগৰণ হৈছে তাৰ উদ্দেশ্য এক আৰু সেই বাবে মঞ্চ ও এক হ’ব লাগে৷

সকলো দল-সংগঠন একত্ৰিত হৈ যৌথ ভাবে মিলি বিকল্প শক্তি থিয় হ’লেহে কৃতকাৰ্যতা লাভ কৰিব পাৰিব ৷