২১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে খোলা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান!

২১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে খোলা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান!

October 15, 2020 0 By NEWS DESK

২১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে খোলা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এইবৰ্ষত পৰ্যটকৰ বাবে মুকলি কৰাৰ শুভক্ষণত এটা বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব উক্ত দিনা আয়োজন কৰা বিশেষ অনুষ্ঠান।

অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

উল্লেখ্য যে, কৰ’ণা কেন্দ্ৰীক পৰিস্থিতিৰ বাবে ২৯ মাৰ্চৰ পৰা বন্ধ হৈ আছিল ৰাষ্ট্ৰীয় উদ্যানখন।