২১ ছেপ্টেম্বৰৰ পৰা নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে বিদ্যালয়সমূহ খোলাৰ অনুমতি কেন্দ্ৰৰ !

২১ ছেপ্টেম্বৰৰ পৰা নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে বিদ্যালয়সমূহ খোলাৰ অনুমতি কেন্দ্ৰৰ !

September 9, 2020 0 By NEWS DESK

বিদ্যালয় খোলা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

২১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয়লৈ যাব পাৰিব ছাত্ৰ ছাত্ৰী সকল।

নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে বিদ্যালয়সমূহ খোলাৰ অনুমতি কেন্দ্ৰীয় চৰকাৰৰ।

মঙবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ২১ ছেপ্টেম্বৰৰ পৰা আংশিক ৰূপত বিদ্যালয় খোলাৰ নিয়মাৱলী (এছ অ’ পি) জাৰি কৰে৷

অবশ্যে শিক্ষার্থীসকল বিদ্যালয়লৈ অহাটো বাধ্যতামূলক নহয়।

স্বাস্থ্য মন্ত্রালয়ে জাৰি কৰা এছ অ’ পি অনুসৰি- শিক্ষক-কর্মচাৰী আৰু শিক্ষার্থীয়ে অতিকমেও ৬ ফুট সামাজিক দূৰত্ব মানি চলিব লাগিব৷

ফেচ মাস্ক পৰিধান কৰাৰ লগতে হাত ধুই থাকিব লাগিব৷

কোনো ৰাজহুৱা ঠাইত থুৱাব নোৱাৰিব৷

তদুপৰি শ্বাস-প্রশ্বাসজনিত ক্রিয়াসমূহ স্বয়ং নিৰীক্ষণত ৰাখিব লাগিব৷

কনটেইনমেণ্ট জ’নৰ বাহিৰত এই বিদ্যালয়সমূহ পুনৰ খোলা হ’ব৷

অৱশ্যে যিবোৰ বিদ্যালয়ত ক’ভিড-১৯ কোৱাৰেণ্টাইন চেণ্টাৰ খোলা হৈছিল, সেই বিদ্যালয়সমূহ স্কুল খোলাৰ পূর্বে ছেনিটাইজাৰ কৰিব লাগিব৷

শিক্ষার্থীসকলে বিদ্যালয়লৈ অহাৰ ক্ষেত্রত পিতৃ-মাতৃ অথবা অভিভাৱকে লিখিত অনুমতি পত্র দিব লাগিব৷

কনটেইনমেণ্ট জ’নৰ ভিতৰত থকা কোনো শিক্ষার্থী, শিক্ষক আৰু কর্মচাৰীক বিদ্যালয়লৈ যোৱাত অনুমতি দিয়া হোৱা নাই৷

বিদ্যালয়ত ৫০ শতাংশৰহে উপস্থিতি থাকিব লাগিব৷

বিদ্যালয়ৰ চৌহদত কিম্বা বহিঃভাগত যাতে সকলোৱে সামাজিক দূৰত্ব মানি চলিব পাৰে, তাৰ বাবে ৬ ফুট দূৰত্বৰ ব্যৱধানত নির্দিষ্ট চিহ্ণৰে অংকন কৰিব লাগিব৷