২১-২৪ অক্টোবৰলৈ অসমৰ লগতে উত্তৰ পূবত প্ৰৱল বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ!

২১-২৪ অক্টোবৰলৈ অসমৰ লগতে উত্তৰ পূবত প্ৰৱল বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ!

October 22, 2020 0 By NEWS DESK

কৰ’ণাৰ ভয়াৱহতাৰ মাজতে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজা।

কিন্তু এইবাৰ পূজাত আন এক সমস্যায় দেখা দিব আপোনাক।

এইবাৰ পূজাত প্ৰৱল বৃষ্টিপাতৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

অসমৰ লগতে উত্তৰ পূবৰ ৰাজ্য মেঘালয়, নাগালেণ্ড. মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰামত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।

বতৰ বিজ্ঞান বিভাগৰ মতে বে’ অৱ বেংগলৰ মধ্যভাগত এক নিম্নচাপৰ ফলত ধুমুহা সঞ্চালনৰ ফলত ইয়াৰ প্ৰভাৱ পৰিব পাৰে উত্তৰ পূবত।

যাৰ ফলত ২১-২৪ অক্টোবৰলৈ উত্তৰ পূবত প্ৰচুৰ বৰষুণ হ’ব।

নাগালেণ্ড,মনিপুৰ,মিজোৰাম আৰু ত্ৰিপুৰাত ২৩ অক্টোবৰত আৰু অসম আৰু মেঘালয়ত ২৪ অক্টোবৰত ধাৰাষাৰ বৰষুন হোৱাৰ সম্ভাবনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে।

আনহাতে অসম আৰু মেঘালয় অ’ৰেঞ্জ এলাৰ্ট ঘোষণা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।