২২হাজাৰ ছাত্ৰীলৈ ৰাজ্য চৰকাৰৰ স্কুটীঃ এইটো প’র্টেলত ১০ দিনৰ ভিতৰত কৰক আবেদন !

২২হাজাৰ ছাত্ৰীলৈ ৰাজ্য চৰকাৰৰ স্কুটীঃ এইটো প’র্টেলত ১০ দিনৰ ভিতৰত কৰক আবেদন !

August 21, 2020 0 By NEWS DESK

ৰাজ্যৰ ২২ হাজাৰ ছাত্ৰীলৈ ৰাজ্য চৰকাৰে আগবঢ়াব স্কুটী।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্রথম বিভাগত উত্তীর্ণ ছাত্রীসকলক ৰাজ্য চৰকাৰে আগবঢ়াব স্কুটী৷ 

স্কুটী বুকিঙৰ বাবে ইতিমধ্যে শিক্ষা সংসদে মুকলি কৰিছে এটা বিশেষ প’র্টেল।

এই বিশেষ প’ৰ্টেলটো হ’ল- ‘http://sebaonline.org/choiceofscooty’

প’র্টেললৈ গৈ ছাত্রীসকলে নিজৰ পছন্দৰ স্কুটীখন বুকিং কৰিব পাৰিব৷

উল্লেখ্য যে প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ছাত্রীসকলক ইলেকট্র’নিক আৰু পেট্র’লচালিত এই দুইধৰণৰ স্কুটী প্রদান কৰিব৷

ইয়াৰ বাবে নির্দিষ্ট প’টেলত ছাত্রীসকলে পছন্দৰ স্কুটীখনৰ বাবে ১০ দিনৰ ভিতৰত আবেদন কৰিব লাগিব৷

ছাত্রীসকলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ নিজৰ ৰোল নম্বৰক ইউজাৰ আই ডি আৰু ৰেজিষ্ট্রেচন নম্বৰক পাছৱর্ড হিচাপে ব্যৱহাৰ কৰি প’র্টেল লগ ইন কৰিব লাগিব৷

তাৰ পিছত অভিভাৱকৰ নাম, শিক্ষানুষ্ঠানৰ নাম, পৰীক্ষাত লাভ কৰা নম্বৰ সন্নিৱিষ্ট কৰি পছন্দৰ স্কুটীখনৰ ক্ষেত্রত টিক মার্ক প্রদান কৰিব লাগিব৷

লগতে যোগাযোগৰ বাবে ম’বাইল নম্বৰ আৰু ই–মেইল আইডি দিয়াৰ পিছত আবেদনকাৰীয়ে এখন প্রাপ্তিৰ ৰচিদ লাভ কৰিব৷

উল্লেখ্য যে, ১৫ অক্টোবৰৰ পূর্বে ২২ হাজাৰ ছাত্রীক স্কুটীসমূহ প্রদান কৰা হ’ব বুলি ইতিমধ্যে ৰাজ্যৰ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মেলযোগে ঘোষণা কৰিছে৷