২২ অক্টোবৰত উদ্বোধন কৰা হ’ব গণেশগুৰিৰ উৰণীয়া সেতু!

২২ অক্টোবৰত উদ্বোধন কৰা হ’ব গণেশগুৰিৰ উৰণীয়া সেতু!

October 18, 2020 0 By NEWS DESK

গুৱাহাটীবাসীৰ বাবে এক ভাল খবৰ।

গণেশগুৰিৰ পৰা আৰ জি বৰুৱা পথ সংযোগী নির্মীয়মাণ উৰণীয়া সেতুখন অহা ২২ অক্টোবৰত শুভ উদ্বোধন কৰা হ’ব৷

গড়কাপ্টানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শনিবাৰে এই কথা প্রকাশ কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে উৰণীয়া সেতুখনৰ নির্মাণৰ কাম ইতিমধ্যে প্রায় সম্পূর্ণ হৈছে৷

অহা ২২ অক্টোবৰৰ পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে উৰণীয়া সেতুখন উদ্বোধন কৰা হ’ব৷