Site icon NEWS8 NE

২২ মহীয়া শিশুৱে অনলাইনত অৰ্ডাৰ দিলে ডেৰ লাখতকৈও অধিক মূল্যৰ আচবাব! হতবাক পিতৃ-মাতৃ

নিউজ ডেস্ক। ই-কমাৰ্চ কোম্পানীৰ পৰা ইটোৰ পিছত সিটো ফাৰ্নিচাৰ আচবাব ডেলিভাৰীয়ে আচৰিত কৰিছিল এহাল দম্পতীক। প্ৰথমে ভাবিছিল- ভুলবশতঃ এই আচ-বাববোৰ তেওঁলোকৰ ঠিকনাত ডেলিভাৰ হোৱা নাইতো?

কিন্তু ডেলিভাৰী কোম্পানীয়ে যেতিয়া নিশ্চিত কৰিলে যে এয়া তেওঁলোকৰ ঠিকনাতেই ডেলিভাৰী দিয়াৰ নিৰ্দেশ আছে, তাৰ পিছতে চিন্তাত পৰে পৰিয়ালটো।

এক অজান ভয়েও পৰিয়াটোৰ মনত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে অৰ্ডাৰ দিয়া নাছিল এই সামগ্ৰীবোৰৰ। কিন্তু কোনে আৰু কিয় এই সকলোবোৰ তেওঁলোকলৈ পঠিয়াইছে তাক লৈ সৃষ্টি হয় ৰহস্যৰ।

এদিন যদি চকী, আন কোনোবা দিনা ফুলৰ দানী লৈ তেওঁলোকৰ দুৱাৰত উপস্থিত হয় ডেলিভাৰী বয়। অনিচ্ছা স্বত্বেও তেওঁলোকে সেই সকলোবোৰ ৰাখি থব লগা হয়। লগতে ভৰিবলগা হয় তাৰ মূল্যও।

কিন্তু অৱশেষত ৰহস্য ফাদিল হল! যি ৰহস্যই হাঁহিৰ খোৰাক দিলে পৰিয়ালটোক।

দৰাচলতে দম্পতীহালৰ ২২ মহীয়া পুত্ৰই অনলাইনত অৰ্ডাৰ দিছিল এই সকলোবোৰ আচ-বাবৰ। শুনিবলৈ আচৰিত লাগিলেও এয়াই সত্য।

আমেৰিকা নিবাসী ভাৰতীয় বংশোদ্ভৱ প্ৰমোদ কুমাৰ আৰু তেওঁৰ পত্নী মধু কুমাৰৰ সৈতে সংঘটিত হৈছে এই ঘটনা।

মধু কুমাৰে জানিবলৈ দিয়া মতে, তেওঁলোকে নিউ জাৰ্চীৰ ম’নমাউথ জংচনত নতুন ঘৰ লোৱাৰ সময়ত ই-কমাৰ্চ কোম্পানী ৱালমাৰ্টত তেওঁ ঘৰৰ বাবে কেতবোৰ ফাৰ্নিচাৰ পছন্দ কৰি কাৰ্টত ৰাখি থৈছিল।

কিন্তু পিছত অনলাইন ক্ৰয় নকৰি, তেওঁলোকে দোকানৰ পৰাই ঘৰৰ আচ-বাবসমূহ ক্ৰয় কৰাত অনলাইনত পছন্দ কৰা আচ-বাবসমূহ কাৰ্টতে থাকি যায়। পিছত এই বিষয়ে পাহৰি যায় মধু কুমাৰে।

পিছে তেওঁলোকৰ ২২ মহীয়া পুত্ৰ আয়াংশে ভুলবশতঃ সেইসমূহ আচ-বাব অৰ্ডাৰ কৰি পেলোৱাত ইটোৰ পিছত সিটোকৈ সকলোবোৰ তেওঁলোকৰ ঘৰৰ ঠিকনাত ডেলিভাৰ হবলৈ ধৰে। যাৰ বাবদ পৰিয়ালটোৱে ২০০০ ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ১,৪৯,০০০ টকা ভৰিবলগা হয়।

প্ৰমোদ কুমাৰে এনবিচি নিউয়ৰ্কক কয়, “মোবাইলত স্ক্ৰীন লক নথকাৰ বাবে আয়াংশে মাকৰ মোবাইলৰ পৰা এই সামগ্ৰীবোৰ ভুলতে অৰ্ডাৰ দিয়ে। প্ৰথমে আমি এইবোৰ ডেলিভাৰী হোৱাত আচৰিত হৈছিলোঁ। কিন্তু যেতিয়া ৰহস্য ফাদিল হল, তেতিয়া হাঁহিও উঠিল, খঙো উঠিল। কিন্তু আয়াংশে আমাক এটা শিক্ষা দিলে। সেয়া হৈছে- এতিয়াৰে পৰা আমি মোবাইল লক বা ফেচ লক লগোৱা আৰম্ভ কৰিব লাগিব, যাতে সি আৰু মোবাইল খুলিব নোৱাৰে।”

আনহাতে আয়াংশে অৰ্ডাৰ দিয়া আচ-বাবসমূহৰ এতিয়াও সম্পূৰ্ণ ডেলিভাৰী হোৱা নাই। যেতিয়া ডেলিভাৰী সম্পূৰ্ণ হব, তেতিয়া সামগ্ৰীখিনি উভতাই দিব বুলি জানিবলৈ দিয়ে প্ৰমোদ আৰু মধু কুমাৰে। অৱশ্যে তাৰ মাজতে দুই-এপদ আচ-বাব আয়াংশৰ ‘প্ৰথম বজাৰ’ হিচাপে সাচি ৰখাৰ সিদ্ধান্ত লৈছে পিতৃ-মাতৃয়ে।

এটি ২২ মহীয়া শিশুৰ এই অনলাইন শ্বপিংৰ ঘটনাই ছ’চিয়েল মিডিয়াত নেটিজেনক যথেষ্ট আমোদ দিছে।

লগতে চাওকঃ

অসমৰ ধৃতিষ্মানক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান

তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে স্কুটী, দুই কণমানি ছাত্ৰীসহ শিক্ষয়িত্ৰীৰ থিতাতে মৃত্যু

Exit mobile version