২৫ আগষ্টত কণ্ঠশিল্পী বাবুই আনুষ্ঠানিক ভাৱে যোগদান কৰিব কংগ্ৰেছ দলত !

২৫ আগষ্টত কণ্ঠশিল্পী বাবুই আনুষ্ঠানিক ভাৱে যোগদান কৰিব কংগ্ৰেছ দলত !

August 19, 2020 0 By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

ৰাজনৈতিক দলত যোগদান কৰাৰ জোৱাৰ ৰাজ্যৰ শিল্পী সমাজৰ মাজত।

যতীন বৰা,আশা বৰদলৈ আৰু বিদ্যা সাগৰৰ বিজেপিত যোগদান কৰাৰ পিছত এইবাৰ কণ্ঠশিল্পী বাবু বৰুৱাই যোগদান কৰিবলৈ সাজু হৈছে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কংগ্ৰেছত।

Babu Baruah (Singer) [Kumud Baruah] Age, Wiki, Biography, Songs ...

অহা ২৫ আগষ্টত কণ্ঠশিল্পী গৰাকীয়ে আনুষ্ঠানিক যোগদান কৰিব কংগ্ৰেছ দলত।

সংবাদমাধ্যম যোগে এই কথা প্ৰকাশ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী জনে।

আনহাতে শিল্পী গৰাকীয়ে ‘কা’ ৰ বিৰোধীতা কৰি কংগ্ৰেছত যোগদান কৰাৰ লগতে নিৰ্বাচন খেলাৰো এক ইংগিত প্ৰদান কৰিলে বাবুই।

লগতে দলে যদিহে সুযোগ দিয়ে তেন্তে ২১ৰ বিধান সভা নিৰ্বাচনত পশ্চিম গুৱাহাটী সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ’ব জনপ্ৰিয় শিল্পী গৰাকী।