NEWS8 NE

২৮ বছৰে লিভ্ ইন্! তাৰ পাছত বিয়াত বহিল ৬৫ বছৰীয়া দৰা আৰু ৬০ বছৰীয়া কইনা

নিউজ ডেস্ক। এক ব্যতিক্ৰম বিবাহ। বিবাহখন ব্যতিক্ৰম হোৱাৰ কাৰণ হ’ল বিবাহ খনৰ দৰা হ’ল ৬৫ বছৰীয়া আৰু কইনা হ’ল ৬৫ বছৰীয়া।

এক কথাত ক’বলৈ গ’লে ককা আৰু আইতাৰ বিয়া।

বিয়ালৈ অতিথিক আমন্ত্ৰণ জনালে কাৰ্ড যোগে। আৰু উলহ মালহেৰে সম্পন্ন হয় ককা আইতাৰ বিয়াখন।

এই বিবাহখন সম্পন্ন হয় উত্তৰ প্ৰদেশৰ আমেঠি জিলাত। বৰ্তমান বিবাহখন সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে।

জানিব পৰা মতে, দৰাৰ নাম মতিলাল (৬৫) আৰু কইনাৰ নাম মোহিনী দেৱী (৬০)।

৬৫ বছৰীয়া মতিলালে আমেঠি জিলাৰ জামো আৰক্ষী থানাৰ অন্তৰ্গত খুথানা গাঁৱৰ কইনাৰ ঘৰত উপস্থিত হৈ ৬০ বছৰীয়া মোহিনী দেৱীক বিয়া কৰায়। কিন্তু আইনী আৰু ৰীতিগত ভাৱে দুয়ো বিবাহিত নাছিল।

সেয়েহে তেওঁলোকে বিবাহ সম্পন্ন কৰে। অৱশ্যে দুয়োজনে ২৮ বছৰ দিন কটাইছিল লিভ্ ইন্ সম্পৰ্কত।

উল্লেখনীয় কথাটো হ’ল বিয়াখনত উপস্থিত আছিল দৰাৰ পুত্ৰ, জীয়েকৰ লগতে বোৱাৰী আৰু নাতি-নাতিনী।

স্থানীয় লোকে জনোৱা অনুসৰি, হিন্দু সমাজৰ নিয়ম অনুসৰি অবিবাহিত ব্যক্তিক তেওঁৰ সন্তানে মৃত্যুৰ পাছত শ্ৰাদ্ধ তথা পিণ্ডদান কৰিব নোৱাৰে। গতিকে মতিলালে তেওঁৰ বয়সৰ অন্তিম পৰ্যায়লৈ আহি বিয়া কৰাৰ সিদ্ধান্ত লয়।

মতিলালৰ দুগৰাকী কন্যা ক্ৰমে প্ৰিয়া আৰু সীমা। দুয়ো দেউতাকৰ বিয়াত উপস্থিত আছিল। দুয়োৱে কৈছিল যে তেওঁলোকে বিয়াখনত উপস্থিত থাকিবলৈ পায় সুখী অনুভৱ কৰিছে।

Exit mobile version