২৯ নৱেম্বৰৰ পূৰ্বে শিৱসাগৰ আৰু ৰঙাপৰা সমষ্টিত অনুষ্ঠিত হ’ব উপ- নিৰ্বাচন !

২৯ নৱেম্বৰৰ পূৰ্বে শিৱসাগৰ আৰু ৰঙাপৰা সমষ্টিত অনুষ্ঠিত হ’ব উপ- নিৰ্বাচন !

September 5, 2020 0 By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচনৰ দিন চমূ চপাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক তৎপৰতা।

কিন্তু ইয়াৰ মাজতে অসমৰ দুটা সমষ্টিৰ অনুষ্টিত হ’ব উপ-নিৰ্বাচন।

২৯ নৱেম্বৰৰ পূৰ্বে ৰাজ্যৰ শিৱসাগৰ আৰু ৰঙাপৰা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।

শিৱসাগৰ আৰু ৰঙাপৰা সমষ্টিৰ বাবে হ’ব ভোটগ্ৰহণ।

ৰঙাপৰাৰ বিধায়ক ৰাজেন বৰঠাকুৰৰ বিয়োগৰ পাছত অনুষ্ঠিত হোৱা নাছিল নিৰ্বাচন।

আনহাতে শিৱসাগৰৰ বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ দেহৱসান ঘটিছিল।

যাৰ বাবে দুয়োটা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।

অসমৰ ২ বিধানসভা সমষ্টিৰ লগতে দেশৰ ৬৪টা বিধানসভা সমষ্টিতো অনুষ্ঠিত হ’ব নিৰ্বাচন।

লগতে এটা লোকসভা সমষ্টিতো অনুষ্ঠিত হ’ব নিৰ্বাচন।

আনহাতে বিহাৰ বিধানসভাৰ নিৰ্বাচনো ২৯ নৱেম্বৰৰ পূৰ্বে অনুষ্ঠিত হ’ব।

এই কথা সদৰি কৰিছে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই।