২੦২১ৰ বিধানসভা নিৰ্বাচন দ্বিতীয় স্বাধীনতা সংগ্ৰামঃ ৰিপুন বৰা

২੦২১ৰ বিধানসভা নিৰ্বাচন দ্বিতীয় স্বাধীনতা সংগ্ৰামঃ ৰিপুন বৰা

October 20, 2020 0 By NEWS DESK

গুৱাহাটী। ২੦১৬ৰ বিধানসভা নিৰ্বাচন শৰাইঘাটৰ শেষ যুঁজ বুলি কৈ অসমৰ জাতি, মাটি তথা ভেটি সুৰক্ষাৰ নামত ৰাইজৰ পৰা ভােট ভিক্ষা কৰিছিল বিজেপি দলে।

এইবাৰ ২੦২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ‘মােগল’ কাৰ্ড ওলাইছে।

আনকি, এই নিৰ্বাচন দুই সভ্যতাৰ মাজত নিৰ্বাচন বুলি সভা-সমিতিত মুকলিকৈ মন্তব্য কৰিছে ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে, এইবাৰ কংগ্ৰেছ দলাে পিছপৰি থকা নাই।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ২੦২১ৰ নিৰ্বাচনক ভাৰতৰ দ্বিতীয় স্বাধীনতা সংগ্ৰাম বুলি অভিহিত কৰিছে।

এই সংগ্ৰাম দেশক ইংৰাজী শাসকৰ দৰে দেশবাসীক শােষণ চলােৱা বিজেপি দলক উৎখাত কৰাৰ বাবে বুলি কৈছে সভাপতি বৰাই।

গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত এই মন্তব্য কৰিছে ৰিপুন বৰাই।

তেওঁ কয় যে ব্ৰিটিছৰ বাবে যিদৰে ভাৰতৰ বিকাশ বাধাগ্ৰস্ত হৈছিল, একেদৰে এতিয়া বিজেপিৰ অপশাসনৰ বাবে সমগ্ৰ দেশ তথা অসমৰ উন্নয়ন বাধাগ্ৰস্ত হৈছে।

গতিকে স্বাধীনতা সংগ্ৰামীসকলে ব্ৰিটিছক খেদি পঠোৱাৰ দৰে ২০২১ ত আমি বিজেপিক উৎখাত কৰিব লাগিব।