২ নৱেম্বৰত অৰুণোদয় আঁচনিৰ প্রথম কিস্তিৰ ধন লাভ কৰিব হিতাধিকাৰীয়ে !

২ নৱেম্বৰত অৰুণোদয় আঁচনিৰ প্রথম কিস্তিৰ ধন লাভ কৰিব হিতাধিকাৰীয়ে !

September 2, 2020 0 By NEWS DESK

২ নৱেম্বৰত অৰুণোদয় আঁচনিৰ প্রথম কিস্তিৰ ধন লাভ কৰিব হিতাধিকাৰীয়ে।

অৰুণোদয় আঁচনিৰ আধাৰত ৰাজ্যৰ ১৯.১ লাখ পৰিয়ালক প্রতিমাহে প্রদান কৰা হ’ব ৮৩০ টকাকৈ।

বছৰি ২ লাখ টকাতকৈ কম উপার্জনকাৰী পৰিয়ালে লাভ কৰিব এই আঁচনিৰ সুবিধা।

দুই অক্টোবৰৰ পৰা কার্যকৰী হ’বলগীয়া এই আঁচনিৰ হিতাধিকাৰীসকলে অহা দুই নৱেম্বৰত প্রথম কিস্তিৰ ৮৩০ টকা বেংক একাউণ্টযোগে লাভ কৰিব।

এই আঁচনিত প্রথম অধিকাৰ লাভ কৰিব বিধৱা মহিলাসকলে৷

২ নৱেম্বৰত প্রথম কিস্তিৰ ধন লাভ কৰিব হিতাধিকাৰীয়ে

যিসকল বিধৱা মহিলাই বিধৱা পেন্সন লাভ কৰি আহিছে, তেওঁলোক এই আঁচনিৰ হিতাধিকাৰী হ’ব৷

দ্বিতীয়তে, অবিবাহিত ছোৱালীও এই আঁচনিত অন্তর্ভুক্ত হ’ব৷

সেইদৰে পৰিয়ালত এজন দিব্যাংগ লোক থকা পৰিয়ালসমূহো এই আঁচনিৰ হিতাধিকাৰী হিচাপে সন্নিৱিষ্ট হ’ব৷

স্বামীগৃহৰ পৰা বিতাড়িত হ’বলগীয়া হোৱা দুর্ভগীয়া মহিলাসকলেও এই আঁচনিত অগ্রাধিকাৰ লাভ কৰিব৷

তদুপৰি যিসকল গৰিব লোকে আজিপর্যন্ত বিনামূলীয়া চাউলৰ হিতাধিকাৰীৰ তালিকাত স্থান লাভ কৰা নাই, তেওঁলোকো এই আঁচনিৰ অন্তর্ভুক্ত হ’ব৷

দুপৰি যিসমূহ পৰিয়ালৰ ১৫ বিঘা মাটি আছে, চাৰিচকীয়া বাহন আছে, ফ্রীজ আছে, বছৰি উপার্জন ২ লাখ টকাৰ অধিক, নিজা ট্রেক্টৰ আছে তেওঁলোক এই আঁচনিৰ হিতাধিকাৰী হ’ব নোৱাৰিব৷ 

এই আঁচনিৰ হিতাধিকাৰী হ’বলৈ মৌজাদাৰ–গাঁওবুঢ়াৰ কোনো প্রমাণ-পত্র নালাগে৷

অৰুণোদয় সহায়কে ঘৰে ঘৰে গৈ হিতাধিকাৰী বিচাৰি উলিয়াব৷ ১৫ ছেপ্ঢেম্বৰৰ পৰা ৩০ ছেপ্ঢেম্বৰৰ ভিতৰত অৰুণোদয় সহায়কে ঘৰে ঘৰে গৈ হিতাধিকাৰীৰ অৱস্থিতি নিৰূপণ কৰিব।

সদনত মন্ত্রী ড০ শর্মাই আৰু কয় যে, বানপানী, পূজা, বিহু আৰু ছাত্র–ছাত্রীৰ নামভর্তিৰ সময়ত প্রতি হিতাধিকাৰীক এহাজাৰ টকাকৈ অতিৰিক্তভাৱে প্রদান কৰা হ’ব৷

যিসমূহ বিধানসভা সমষ্টিত ১.৫ লাখতকৈ কম ভোটাৰ আছে, সেইবোৰ সমষ্টিত ১৫ হাজাৰ হিতাধিকাৰী বাছনি কৰা হ’ব৷ ডেৰ লাখৰ পৰা দুই লাখ ভোটাৰ থকা সমষ্টিত ১৬ হাজাৰ, দুই লাখৰ পৰা আঢ়ৈ লাখ ভোটাৰ থকা সমষ্টিত ১৭ হাজাৰ, আঢ়ৈ লাখৰ পৰা ৩ লাখ ভোটাৰ থকা সমষ্টিত ১৮ হাজাৰ হিতাধিকাৰী বাছনি কৰা হ’ব৷