২ নৱেম্বৰৰ পৰা ৰাজ্যত পুনৰ খোলা হ’ব বিদ্যালয়-মহাবিদ্যালয় সমূহ!

২ নৱেম্বৰৰ পৰা ৰাজ্যত পুনৰ খোলা হ’ব বিদ্যালয়-মহাবিদ্যালয় সমূহ!

October 17, 2020 0 By NEWS DESK

জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে সংবাদমেল।

সংবাদমেলত বিদ্যালয় খোলা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী শৰ্মাই।

সেই অনুসৰি ২ নৱেম্বৰৰ পৰা ৰাজ্যত পুনৰ খোলা হ’ব বিদ্যালয়-মহাবিদ্যালয় সমূহ।

অবশ্যে পঞ্চম শ্ৰেণীলৈকে বন্ধ থাকিব পাঠদান।

ষষ্ঠ শ্ৰেণীৰ পৰা ক্লাছ আৰম্ভ হ’ব।

সদায় দুটা ভাগত ভগোৱা হ’ব বিদ্যালয়ৰ পাঠদান।

প্ৰথম ভাগত ৮.৩০ বজাৰ পৰা ১২.৩০ বজালৈ এটা ক্লাছ আৰু দ্বিতীয় ভাগত ১.৩০ৰ পৰা ৪.৩০ বজালৈ ক্লাছ হ’ব।

প্ৰতিদিনাই ৫০ শতাংশক পুৱা ভাগত আৰু আন ৫০ শতাংশক বিয়লি ভাগত ক্লাছ কৰা হ’ব।

অষ্টম মান, দশম মান আৰু দ্বাদশ শ্ৰেণীৰহে পৰীক্ষা অনুষ্ঠিত কৰিব বৰ্ডে।

আন শ্ৰেণী সমূহৰ ক্ষেত্ৰত বিনা পৰীক্ষাই উত্তীৰ্ণ কৰি দিয়া হ’ব।

২ নৱেম্বৰৰ পৰা সম্পূৰ্ণ স্বাভাৱিকভাৱে খুলিব পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজে। অৱশ্যে হোষ্টেল খোলা নহয়।

প্ৰয়োজন হ’লে চৰকাৰে ১ ডিচেম্বৰত হোষ্টেল খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিব।

ইণ্ডিজিনিয়াৰিং-পলিটেকনিকৰ বাবে অনলাইন ক্লাছো চলি থাকিব।

ঠিক তেনেদৰে ২ নৱেম্বৰৰ পৰা অসমৰ সকলো মহাবিদ্যালয়তে স্বাভাৱিক শ্ৰেণী আৰম্ভ হ’ব।

এটা ক্লাছত ২০-২৫ জনৰ অধিক ছাত্ৰ-ছাত্ৰী থাকিব নোৱাৰিব।

অৱশ্যে ডাঙৰ হলত ক্লাছ কৰিলে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব পাৰিব।

আণ্ডাৰ গ্ৰেজুৱেটৰ প্রথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সোমবাৰ আৰু বৃহস্পতিবাৰে ক্লাছ হ’ব।

তৃতীয় ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰী মঙলবাৰ, বুধবাৰ, শুকুৰবাৰে ক্লাছ কৰিব লাগিব।

পঞ্চম ষান্মাসিকৰ মঙলবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু শনিবাৰে ক্লাছ হ’ব।

আনহাতে মাদ্ৰাছাত পাছ কৰিলে মেট্ৰিক পাছ কৰা বুলি গণ্য কৰা নহ’ব।

থিঅ’ল’জিকেল বিষয় শিকোৱা মাদ্ৰাছাৰ সন্দৰ্ভত এই সিদ্ধান্ত ল’ব চৰকাৰে।

মাদ্ৰাছা স্কুলৰ নাম আৰু শিক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ সলনি কৰা হ’ব।