৩০ ছেপ্টেম্বৰৰ ভিতৰত নতুন ৰাজনৈতিক দল ঘোষণা কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে !

৩০ ছেপ্টেম্বৰৰ ভিতৰত নতুন ৰাজনৈতিক দল ঘোষণা কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে !

September 20, 2020 0 By NEWS DESK

আজি ২০ ছেপ্তেম্বৰ !

অসম জাতীয় পৰিষদক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দিয়া সময় শেষ হোৱাৰ পথত।

একেখন পতাকা, একেটা নাম, একেটা প্ৰতীকৰ তলতে থাকি আছু আৰু এজেৱাইচিপিৰ সৈতে একেলগে দল গঠন কৰাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দিয়া শেষ সময়সমীয়া দেওবাৰে (২০ ছেপ্টেম্বৰ) উকলি যাব।

এতিয়ালৈকে আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা বিশেষ কোনো সহাৰি অহা নাই।

অৱশ্যে এই সময়চোৱাত ৰৈ থকা নাই কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাগৰিকত্ব সংশোধনী আইন বিৰোধী ৭০ টা সংগঠন।

ইতিমধ্যে দল খোলাৰ বাবে সংগঠনকেইটাই চিন্তা চৰ্চা আৰম্ভ কৰিছে।

জানিব পৰা মতে, ৩০ ছেপ্টেম্বৰৰ ভিতৰত দল খুলিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৭০ সংগঠনে।

সেই অনুসৰি সংগঠনটোৱে কেবাগৰাকী বিশিষ্ট বুদ্ধিজীৱি, জ্যেষ্ঠ নাগৰিক, শিক্ষাবিদৰ সৈতে যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে।

৩খনকৈ বৈঠক সংগঠনকেইটাই বিশিষ্ঠ বুদ্ধিজীৱিসকলৰ সৈতে কৰিব।

আনহাতে এখন বৈঠক কৰিব শিক্ষাৰ্থী সমাজৰ সৈতে।

ইফালে ২২ ছেপ্টেম্বৰত আলোচনাত বহিব কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০ সংগঠন।

৩০ ছেপ্টেম্বৰৰ ভিতৰত দল গঠন কৰাৰ বাবে সংগঠনটোৱে নিশ্চিত কৰা বুলি জানিব পৰা গৈছে।