৩০ লাখ চৰকাৰী কৰ্মচাৰীক চৰকাৰে প্ৰদান কৰিব ৩৭৩৭ কোটি টকাৰ দিপাৱলী বোনাচ!

৩০ লাখ চৰকাৰী কৰ্মচাৰীক চৰকাৰে প্ৰদান কৰিব ৩৭৩৭ কোটি টকাৰ দিপাৱলী বোনাচ!

October 21, 2020 0 By NEWS DESK

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ ।

চৰকাৰী চাকৰি কৰা সকলে লাভ কৰিব দিপাৱলীৰ বোনাচ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত হোৱা কেবিনেটৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উৎপাদনশীলতা সংযোজিত বোনাচ (পিএলবি) বোনাচ লাভ কৰিব দেশৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ১৩.৭০ লাখ কৰ্মচাৰীৰ লগতে বানিজ্যিক প্ৰতিষ্টানৰ ১৬.৯৭ লাখ কৰ্মচাৰীয়ে।

কেবিনেটৰ সিদ্ধান্তৰ কথা ঘোষণা কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবড়েকৰে কয় যে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ জৰিয়তে প্ৰত্যক্ষভাৱে কৰ্মচাৰী সকলৰ একাউন্টত ধন জমা কৰা হব।

লগতে কয় যে অতিশীঘ্ৰেই এই ধনৰাশি জমা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।

উল্লেখ যোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নন গেজেটেট কৰ্মচাৰী সকলে এই বোনাচ লাভ কৰে।

কেন্দ্ৰীয় কেবিনেটে ৰে’লৱে, পোষ্ট, ৰে’লৱে, ৰক্ষা,ইপিএফঅ’, ইএছআইচি-ৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক ২০১৯-২০ বৰ্ষৰ বাবে উৎপাদনশীলতা সংযোজিত বোনাচ (পিএলবি) পৰিশোধৰ বাবে অনুমোদন প্ৰদান কৰিছে।

এই বোনাচৰ ফলত মুঠ বিত্তীয় ব্যয় হ’ব ৩৭৩৭ কোটি টকা । মুঠ ৩০ লাখ কৰ্মচাৰীয়ে লাভ কৰিব এই বোনাচ।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে চৰকাৰী কৰ্মচাৰী সকলৰ বাবে স্পেচিয়েল ফেষ্টিভেল এডভান্স স্কীম আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ জৰিয়তে কৰ্মচাৰী সকলে এডভাঞ্চ হিচাপে ১০ হাজাৰ টকা লব পাৰিব।