৩০ হাজাৰ নহয়, চলিত বৰ্ষৰ পৰা ন-কইনাক চৰকাৰে দিব ৪০ হাজাৰ টকা !

৩০ হাজাৰ নহয়, চলিত বৰ্ষৰ পৰা ন-কইনাক চৰকাৰে দিব ৪০ হাজাৰ টকা !

August 30, 2020 0 By NEWS DESK

জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

অহা ছেপ্তেম্বৰৰ মাহত ন-কইনাই পাব এটোলা সোণৰ হিচাপত প্ৰায় ৩০ হাজাৰকৈ টকা।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, অৰুন্ধতী আঁচনিৰ অধীনত এতিয়ালৈকে মাত্ৰ ৪২৭ গৰাকী ন-কইনাইহে এক টোলা সোণৰ মূল্য আনুমানিক ৩০ হাজাৰকৈ টকা লাভ কৰিব।

উল্লে্খ্য যে, অৰুন্ধতী আঁচনি ঘোষণাৰ পূৰ্বে ৰাজ্য চৰকাৰে বছৰত এক লাখ দৰা-কইনাৰ বিবাহ পঞ্জীয়ণ হ’ব বুলি আশা কৰি ৰাজকোষত ধন জমা ৰাখিছিল। কিন্তু বিগত বছৰত মাত্ৰ ৪২৭ খন বিয়াহে পঞ্জীয়ণ হয়।

এই ৪২৭ গৰাকী কইনাই অহা ছেপ্তেম্বৰ মাহৰ ভিতৰত লাভ কৰিব এটোলা সোণৰ মূল্য।

যোৱা বছৰৰ অৰুন্ধতী আঁচনিৰ অধীনত প্ৰত্যককে ৩০ হেজাৰকৈ টকা দিয়া হ’ব। এই বছৰৰ সকলে ৪০ হেজাৰকৈ পাব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে সকলো লোককে বিয়া কৰালে পঞ্জীয়ন কৰি সামাজিক নিৰাপত্তাৰ কথা চিন্তা কৰিবলৈও পৰামৰ্শ দিয়ে।