৪੦ লাখ টকীয়া চাউল কেলেংকাৰীত গ্ৰেপ্তাৰ অগপৰ জিলা সভাপতি!

৪੦ লাখ টকীয়া চাউল কেলেংকাৰীত গ্ৰেপ্তাৰ অগপৰ জিলা সভাপতি!

October 10, 2020 0 By NEWS DESK

শিলচৰ। অৱশেষত আৰক্ষীৰ জালত পৰিল হাইলাকান্দিৰ ৪੦ লাখ টকীয়া চাউল কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড আফতাব উদ্দিন লস্কৰ।

উল্লেখ্য যে আফতাব উদ্দিন লস্কৰ অসম গণ পৰিষদ (অগপ) দলৰ হাইলাকান্দি জিলা সমিতিৰ সভাপতি।

আফতাব উদ্দিন লস্কৰ

গুৱাহাটীৰ পৰা শিলচৰলৈ উভতি অহাৰ সময়ত শুকুৰবাৰে শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত গ্ৰেপ্তাৰ হয় এই অগপ নেতাগৰাকী।

জানিব পৰা মতে, হাইলাকান্দিৰ আলগাপুৰ – মোহনপুৰ সমবায় সমিতিত সংঘটিত ৪੦ লক্ষাধিক টকাৰ চাউল কেলেংকাৰীৰ মাষ্টাৰ মাইন্ড আছিল এইজন আফতাব ৷

উক্ত সমবায় সমিতিখনৰ সচিব পদতাে কাৰ্যনিৰ্বাহ কৰিছে এই নেতাগৰাকী।

আৰক্ষীৰ জিম্মাত আফতাব উদ্দিন লস্কৰ

ক’ৰােনাৰ বাবে দেশজুৰি বলৱৎ থকা তলাবন্ধৰ সময়ত উক্ত সমবায় সমিতিখনৰ অধীনৰ দৰিদ্ৰ হিতাধিকাৰীৰ বাবে আবন্টিত প্ৰায় ৪੦ লাখ টকাৰ খাদ্য সুৰক্ষা আঁচনিৰ চাউল আত্মসাৎ কৰিছিল।

এই সন্দৰ্ভত অভিযােগ লাভ কৰি উপায়ুক্ত কীৰ্থি জালিয়ে খাদ্য আৰু অসামৰিক যােগান বিভাগক তদন্তৰ নিৰ্দেশ দিয়ে।

তাৰ পাছত আলগাপুৰ আৰক্ষী আৰু দণ্ডাধীষে সমবায় সমিতিখনৰ কাৰ্যালয়ত অভিযান চলাই নথি-পত্ৰ পৰীক্ষা কৰাৰ সকলাে কেলেংকাৰী ধৰা পৰে।

এই সন্দৰ্ভত সচিব আফতাব উদ্দিন লস্কৰৰ বিৰুদ্ধে আলগাপুৰ থানাত দুটা গােচৰ ৰুজু কৰা হয়। গােচৰ ৰুজুৰ পিচতেই আত্মগােপন কৰে আফতাব উদ্দিনে।

দীৰ্ঘদিন দৰি পলাই ফুৰাৰ পিছত শুকুৰবাৰে শিলচৰ বিমানবন্দৰত কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

বৰ্তমানে হাইলাকান্দি আৰক্ষীক জিম্মাত আছে আফতাব উদ্দিন।

উল্লেখ্য যে আলগাপুৰ-মােহনপুৰ জিলা পৰিষদৰ প্ৰাক্তন সদস্য আছিল এই অগপ নেতাগৰাকী।